মৰিগাঁও জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ অধিৱেশন সম্পন্ন হয় । শিক্ষক-কৰ্মচাৰীৰ স্বাস্থ্য, অৱসৰকালীন সা-সুবিধা প্ৰদান কৰাটো চৰকাৰৰ দ্বায়িত্ব আৰু কৰ্তব্য, চৰকাৰক সকলো প্ৰকাৰৰ সেৱা আগবঢ়াই ৰাজ্যখনৰ বিকাশৰ গতিত অহৰ্নিশ ব্ৰতী শিক্ষক-শ্ৰমিক-বিষয়া-কৰ্মচাৰীক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা এখন কল্যাণকামী চৰকাৰৰ দ্বায়িত্ব। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সুদীৰ্ঘ ১২ বছৰৰো অধিক কালৰ এই দাবীৰ প্ৰতি চৰকাৰৰ আওকণীয়া মনোভাৱ অত্যন্ত দূৰ্ভাগ্যজনক। একেদৰে এন পি এচ ব্যৱস্থা উঠাই দি পুৰনি পেন্সন নীতিৰে ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত সকলোকে পেন্সন প্ৰদান কৰাটো সদৌ অসম কৰ্মচাৰী পৰিষদে দাবী উত্থাপন কৰি আহিছে। এই মন্তব্য সদৌ অসম কৰ্মচাৰী পৰিষদৰ যুটীয়া সম্পাদক খগেন মহন্তৰ । মৰিগাঁও জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ পঞ্চবিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশনত বিশিষ্ট অতিথি হিচাপে যোগদান কৰা যুটীয়া সম্পাদক গৰাকীয়ে নিজৰ বক্তব্যত এই দুটা প্ৰধান দাবী সোনকালে নিষ্পত্তি কৰিবলৈ অসম চৰকাৰৰ প্ৰতি আহ্বান জনায়। বিদ্যালয় একত্ৰীকৰণৰ বেলিকা শিক্ষক সকলে সন্মুখীন হোৱা অসুবিধা সমূহ দূৰীকৰণ, শ্ৰেণী হিচাপত শিক্ষক নিযুক্তি ইত্যাদি বিষয়বোৰ সংশ্লিষ্ট কৰ্তৃপক্ষই সমাধান কৰি ৰাজ্য খনৰ শিক্ষাৰ মান উন্নত কৰিব লাগে। এদিনীয়া কাৰ্যসূচীৰে ঔজাৰী মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হোৱা মৰিগাঁও জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ পঞ্চবিংশতিতম এই অধিৱেশনত যোৱা দুটা বৰ্ষত অৱসৰ গ্ৰহণ কৰা কুৰিজনৰো অধিক শিক্ষকক বিদায় সম্বৰ্ধনা জনোৱা হয়। সংস্থাৰ সভাপতি আব্দুল মান্নানৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । বিধায়ক দেউৰীয়ে ঔজাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ আন্তঃগাথঁনি উন্নয়নৰ বাবে দহ লাখ টকাৰ অনুদান ঘোষণা কৰে। সভাত সদৌ অসম মধ্য ইংৰাজী বিদ্যালয় শিক্ষক সংস্থাৰ সম্পাদক দ্বীপেন শৰ্মাই শিক্ষকৰ সমস্যাৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে আৰু সমাধানৰ দাবী উত্থাপন কৰে। প্ৰতিনিধি সভাত আগন্তুক কাৰ্যকালৰ বাবে প্ৰফুল্ল হাজৰিকাক সভাপতি আৰু আব্দুল কাচেমক সম্পাদক হিচাপে লৈ মৰিগাঁও জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সমিতি গঠন কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બખરલા ગામે પાડોશી એ પાડોશી ની ગોળી મારી હત્યા કરી હતી,5 રાઉન્ડ ફાયરિંગ કર્યા હતા. #crime #porbandar
બખરલા ગામે પાડોશી એ પાડોશી ની ગોળી મારી હત્યા કરી હતી,5 રાઉન્ડ ફાયરિંગ કર્યા હતા. #crime #porbandar
Kanpur-Unnao Bridge Collapse: कानपुर को उन्नाव से जोड़ने वाला 150 साल पुराना गंगा पुल ढहा | Aaj Tak
Kanpur-Unnao Bridge Collapse: कानपुर को उन्नाव से जोड़ने वाला 150 साल पुराना गंगा पुल ढहा | Aaj Tak
રાધનપુર ના ધારાસભ્ય ફરી નાચ્યાં ઢોલ ના તાલે... જોઈ લો વીડિયો
રાધનપુર ના ધારાસભ્ય એ ફરી નાચ્યાં ઢોલ ના તાલે... જોઈ લો વીડિયો
MANDVI || એઇમ્સ સ્કૂલના પ્રધાનાચાર્ય ડો. કિંજલબેન શાહને કચ્છ શક્તિ રાષ્ટ્રીય એવોર્ડ ||
MANDVI || એઇમ્સ સ્કૂલના પ્રધાનાચાર્ય ડો. કિંજલબેન શાહને કચ્છ શક્તિ રાષ્ટ્રીય એવોર્ડ ||