নতুন দিল্লী, ২২ আগষ্ট। কংগ্ৰেছে চলাবলগীয়া অভিযান 'ভাৰত জোড়ো'ৰ প্ৰচাৰ সময়ৰ প্ৰয়োজন হৈ পৰিছে। এই মন্তব্য দলটোৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ। সোমবাৰে দিল্লীৰ সংবিধান ক্লাবত 'ভাৰত জোড়ো' যাত্ৰাৰ বৈঠকত নাগৰিক সমাজৰ প্ৰতিনিধিসকলৰ সৈতে বাৰ্তালাপ কৰি ৰাহুলে কয় যে তেওঁ 'ভাৰত জোড়ো' অভিযানলৈ ৰাওনা হ'ব। এই যাত্ৰাত কোনো সহযোগ নকৰিলেও তেওঁলোকে অকলে যাত্ৰা আৰম্ভ কৰিব বুলি কয়।
ইয়াৰোপৰি ৰাহুলে কয় যে দেশখন শেষ কৰা চিন্তাধাৰাৰ বিপৰীতে দেশক সংযোগ কৰা চিন্তাধাৰাৰ বিষয়ে কথা পাতিব লাগিব। এই যাত্ৰাত একাংশ লোকে কেনেদৰে দেশ ভাঙিবলৈ চেষ্টা কৰি আছে সেয়া জনসাধাৰণক জনোৱা হ'ব। তেওঁ কয় যে দেশক ঐক্যবদ্ধ কৰি ৰখাৰ কথা চিন্তা কৰা প্ৰতিজন ব্যক্তিক 'ভাৰত জোড়ো' যাত্ৰাত স্বাগতম জনোৱা হ'ব।
বৈঠকখন সমাপ্ত হোৱাৰ পিছত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে ৰাহুল গান্ধীয়ে সোমবাৰে প্ৰায় ডেৰ ঘণ্টা ধৰি নাগৰিক সমাজৰ প্ৰতিনিধিসকলৰ সৈতে বাৰ্তালাপ কৰে। এই সময়ছোৱাত ৰাহুলে প্ৰায় ৪০ জন লোকৰ প্ৰশ্নৰ উত্তৰ দিছিল। লক্ষণীয় যে কংগ্ৰেছে ৭ ছেপ্টেম্বৰৰ পৰা 'ভাৰত জোড়ো' যাত্ৰা আৰম্ভ কৰিব। যাত্ৰাটো প্ৰায় ৩,৫০০ কিলোমিটাৰ দীঘল হ'ব। ১৫০ দিন ধৰি কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ১২ খন ৰাজ্য আৰু ৭ খন কেন্দ্ৰীয় শাসিত অঞ্চলত হ'ব এই যাত্ৰা।