চৰাইদেউ জিলাৰ মৰাণহাটত ধান ক্ৰয় কেন্দ্ৰ মুকলি

চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই আজি মৰাণহাটত এটি ধান ক্ৰয় কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। কৃষকৰ সুবিধাৰ্থে মুকলি কৰা এই ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে কৃষকে দুটা চৰ্তাৱলীৰ মাজেৰে ভাৰতীয় খাদ্য নিগমক ধান বিক্ৰীৰ ব্যৱস্থা কৰা হয়৷ অনুষ্ঠানত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ; খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সহকাৰী সঞ্চালক লালচান্দ বৰি; জিলা কৃষি বিষয়া ৰবীন য়েইন; কৃষি উন্নয়ন বিষয়া প্ৰণৱজীত চেতিয়া; কৃষি সম্প্ৰসাৰণ সহায়ক বিদ্যা বড়া; এএআই অনিল মহন্ত, এফচিআইৰ মেনেজাৰ অনলজ্যোতি শৰ্মা, স্বত্বাধিকাৰী অসম খাদ্য সামগ্ৰী সবৰলালকে ধৰি স্থানীয় কৃষকসকল৷ আজি দুগৰাকী কৃষকৰ পৰা প্ৰায় ৬০ কুইণ্টল ধান ক্ৰয় কৰা হয়।

উল্লেখ্য যে, এই কেন্দ্ৰটিত কৃষকে প্ৰতি সপ্তাহৰ সোম, মঙ্গল আৰু বুধবাৰে ধান বিক্ৰী কৰিব পাৰিব। কৃষকে বিক্ৰীৰ বাবে অনা ধান পৰিষ্কাৰ, পোকে নোখোৱা আৰু শুকান হ'ব লাগিব আৰু কেৱল প্ৰমাণ পত্ৰ থকা কৃষকৰ পৰাহে ধান ক্ৰয় কৰা হ'ব৷ এই বিক্ৰী কেন্দ্ৰৰ জৰিয়তে ধান বিক্ৰী কৰিলে ধানৰ নূন্যতম সমৰ্থিত মূল্য প্ৰতি কুইন্টলত ১,৯৪০ টকা লাভ কৰিব কৃষকে৷