গোলাঘাট নগৰত প্ৰথমবাৰৰ বাবে শ্ৰীশ্ৰী জগন্নাথ ৰথ যাত্ৰাৰ বিশাল প্ৰস্তুতি । ৰাজ্যখনৰ ভক্তপ্ৰাণ ৰাইজৰ লগতে আগমণ ঘটিব লণ্ডণ,আমেৰিকা,ৰাছিয়া আদিৰ বিদেশী ভক্তপ্ৰাণ পুৰুষ-মহিলাৰ । ৰথ যাত্ৰাত অংশগ্ৰহণ কৰাৰ লগতে সংকীৰ্ত্তন কৰিব বিদেশী ভক্তই । গোলাঘাট ষ্টেচন ৰোডৰ সাৰ্বজনীন কালিবাড়িত অস্থায়ী কাৰ্যালয় প্ৰতিষ্ঠা কৰি চলিছে ব্যাপক আয়োজন । ইসকন্( পঢ়ুতে ইচকন) নামহট্ৰ মায়াপুৰৰ দ্বাৰা অনুমোদিত শ্ৰীশ্ৰী জগন্নাথ ৰথ যাত্ৰা অহা ২১ জুনৰ পৰা ২৭ জুন পৰ্যন্ত দেৱ দাসৰ তত্বাৱধানত উদযাপন সমিতিয়ে ৰাইজক লগত প্ৰস্তুতি অব্যাহত ৰাখিছে । ৰথ যাত্ৰাত ৰজা হিচাপে আমন্ত্ৰণ জনোৱা হ'ব সৰুপথাৰ সমষ্টিৰ বিধায়ক,জনপ্ৰিয় নেতা বিশ্বজিৎ ফুকনক । ইয়াৰ উপৰি বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব । এই উপলক্ষে সাৰ্বজননীন কালিবাড়িত শ্ৰীশ্ৰী জগন্নাথ ৰথ যাত্ৰাৰ ৰথ নিৰ্মাণৰ মাংগলিক কাৰ্যৰ হোমযজ্ঞ,আৰতি, নাম-কীৰ্ত্তন আদিৰে শুভাৰম্ভ কৰা হয় । নাৰিকল ভাঙি মাংগলিকপৰ্ব সমাপণ কৰাৰ লগতে হোম যজ্ঞত অংশগ্ৰহণ কৰে উদযাপন সমিতিৰ সভাপতি দিগন্ত কুমাৰ ভূঞা, বিশ্বদ্বীপ বৰা, সম্পাদক মহেন গগৈ, সমাজকৰ্মী চিমচন কুলু,সুশীলা লাডিয়া, প্ৰাক্তন ৱাৰ্ড কমিচনাৰ জুমি দুৱৰা আদিয়ে । উক্ত জগন্নাথ ৰথ যাত্ৰাত বহু হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ ঘটিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गहलोत के पूर्व OSD ने की डोटासरा के बयान की निंदा, बोले-इस तरह धमकाना ठीक नहीं
कोटा आईजी को धमकी देने के मामले में अशोक गहलोत के पूर्व ओएसडी लोकेश शर्मा ने डोटासरा को घेरा....
इतरांच्या तुलनेत जय भवानी यंदा ऊसाला सरस भाव देईल - अमरसिंह पंडित
जयभवानीचा बॉयलर प्रदीपन समारंभ संपन्न
गेवराई प्रतिनिधी) जयभवानी कारखान्याच्या...
উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ বসন্ত নেওগৰ মৃত্যত বিভিন্ন জনৰ শোক প্ৰকাশ
উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ বসন্ত নেওগৰ মৃত্যত বিভিন্ন জনৰ শোক প্ৰকাশ।
Morbi | bridge | collapses |મોરબી પુલ દુર્ધટના નો વધુ એક વિડીયો વાયરલ.@Good Day Gujarat
Morbi | bridge | collapses |મોરબી પુલ દુર્ધટના નો વધુ એક વિડીયો વાયરલ.@Good Day Gujarat