প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে’ৰ মৃত্যু ঘটিছে। GMCHত নিশা ১.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। 

দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা দে’ৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৪ বছৰ। 

জানিব পৰা মতে আজি হোজাইলৈ লৈ যোৱা হ’ব প্ৰাক্তন মন্ত্ৰীগৰাকীৰ নশ্বৰদেহ।

কংগ্ৰেছ দলৰ পৰা ১৯৯১ চনৰ পৰা ২০০৬ চনলৈ হোজাইৰ বিধায়ক হৈ আছিল দে'। 

২০১১ চনৰ পৰা ২০১৬ লৈ পুনৰ হোজাইৰ বিধায়ক নিৰ্বাচিত হৈছিল। 

তৰুণ গগৈ চৰকাৰৰ দিনত গুৰুত্বপূর্ণ বিভাগৰ মন্ত্ৰী আছিল অৰ্ধেন্দু দে’। 

২০২১ চনৰ বিধানসভা নিৰ্বাচনত টিকটৰ পৰা বঞ্চিত হোৱাত অৰ্ধেন্দু দে’ই কংগ্ৰেছ এৰি বিজেপি দলত যোগদান কৰিছিল।