মাজুলী গড়মুৰ গাওঁ পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ নতুন সমতি গঠন।

আজি পুৱা ৯ বজাৰ ১২ বজালৈ গড়মুৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয় ৷ এই সভাতেই পুৰনি সমিতি ভংগ কৰি ১২ জনীয়া নতুন সমিতি গঠন কৰা হয় ৷ অহা ১৬ চেপ্তেম্বৰত নতুন সমিতি খনে কাৰ্যভাৰ গ্ৰহণ কৰিব ৷ আজিৰ সভাত সমবায় সমিতিৰ সম্পাদক মানৱ শইকীয়াই বিগত বৰ্ষত ১৭ লাখ টকা লাভ কৰা সম্পৰ্কত অৱগত কৰে। সভাখনত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দুজন পঞ্জিয়কে পৰিৰ্দশন কৰে ৷