গোলাঘাট জিলাৰ বৰপথাৰত  নিষিদ্ধ ড্ৰাগছ সেৱন  কৰি থকা অৱস্থাতে 
 দুই যুৱকক কৰায়ত্ব।

সোমবাৰে দিনৰ প্ৰায় বাৰ মান বজাত বৰপথাৰ ৰেল ষ্টেচনৰ সমীপত থকা ৰাজহুৱা শৌচালয়ৰ কাষতে 
দুই যুৱকে ড্ৰাগছ সেৱন কৰি থকা দেখা পাই 
 স্থানীয় ৰাইজে  হাতে লোতে  ধৰি চমজাই দিয়ে বৰপথাৰ আৰক্ষীক।

 দুই  যুৱকৰ পৰা বহু  পৰিমাণৰ চিৰিঞ্জ আৰু ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে। 

দুই যুৱকৰ নাম  লুমাই আৰু সুমন বুলি জানিব পৰা গৈছে।

বাতৰি লিখা পৰলৈকে বৰপথাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।