অবৈধ্য অস্ত্ৰৰ ঘাটিলৈ ৰূপান্তৰিত হৈছে নেকি শোণিতপুৰৰ গুদামঘাট অঞ্চল। মদ ভাং জোৱাৰ সমান্তৰালভাৱে অঞ্চলটোত যেন সুলভ হৈ পৰিছে মাৰনাস্ত্ৰ।উল্লেখ্য যে জিলাখনৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত গুদামঘাট মিৰিৰ এঘৰ মানুহৰ ঘৰত সংঘটিত হৈছে গুলিচালনাৰ ঘটনা। গুদামঘাত মিৰিৰ হজৰত আলি নামৰ এজন লোকৰ ঘৰত ব্যৱসায় সংক্ৰান্তত কাচাৰ জিলাৰ পৰা অহা চালেহ আহমেদ আৰু ফাৰহাজ চিদ্দিক নামৰ ব্যক্তি বাহৰ পাতি আছিল। তেনে সময়তে সেই গাওঁৰে সুৰজ আলি নামৰ যুবকজনে ফাৰহাজ চিদ্দিকৰ সৈতে কথাপাতি থাকোতেই চালেহ আহমেদে সুৰজ আলিলৈ লক্ষ্য কৰি ২ জাই গুলি কৰে আৰু যদিও কোনমতে প্ৰানৰক্ষা পৰা সুৰজ আলিয়েও চোকা অস্ত্ৰৰে চালেহ আহমেদক প্ৰহাৰ কৰে। গুলিৰ শব্দ শুনি হুৱা দুৱা লাগে অঞ্চলটোত আৰু স্থানীয় ৰাইজে উপস্থিত হৈ দুয়োজনকে গনপ্ৰহাৰ দি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে দুয়োজনকে আটক কৰিছে যদিওঁ দুয়োজনকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে চালেহ আহমেদৰ পৰা এটা ০.২২ ৰিভলভাৰ,৪ জাই সজীৱ গুলি জাই খালী গুলিৰ কেচ,এখন চুৰি আৰু এখন ডাষ্টৰ গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে 154/2022 ,120(B)/448/307/IPC, 25(1A)/27 Arms Act অন্তৰ্গত গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীয়ে তদন্ত আৰাম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
9 Bulletin BanasKantha | 23 Sept 2022 | YHNI CHANNEL
9 Bulletin BanasKantha | 23 Sept 2022 | YHNI CHANNEL
हमेशा खरा साबित हुआ बोहरा समाज, मेरा आपसे पुराना रिश्ता- PM मोदी
पीएम मोदी ने कहा कि मैं देश ही नहीं, विदेश में भी कहीं जाता हूं, मेरे बोहरा भाई-बहन मुझसे जरूर...
লাইলুৰী পঞ্চায়তৰ পৰা একে দিনাই চাৰিজনৰ অগপত যোগদান
লাইলুৰী পঞ্চায়তৰ পৰা একে দিনাই চাৰি জন অগপত যোগদান।
સંતરામપુર તાલુકાના ભોઈ સમાજના કાર્યકરો હોદ્દેદારો ગાંધીનગર ખાતે ઉપસ્થિત રહ્યા
સંતરામપુર તાલુકાના ભોઈ સમાજના કાર્યકરો હોદ્દેદારો ગાંધીનગર ખાતે ઉપસ્થિત રહ્યા
કડક વલણથી ગોધરા પાલિકાએ રખડતા ઢોરોને પકડવાની કામગીરી શરૂ કરી.
કડક વલણથી ગોધરા પાલિકાએ રખડતા ઢોરોને પકડવાની કામગીરી શરૂ કરી.