শিশু অপহৰণৰ ভুতে খেদিছে মাজুলীবাসীক : পুণৰ মাজুলীত শিশু অপহৰণৰ চেষ্টা

মাজুলী সদৰ গড়মুৰৰ গোপালপুৰ গাঁৱৰ সমিপৰ কাংকান নগৰৰ নিৱাসী পুলিন দলে ছয় বছৰীয়া পুত্ৰ সন্তান পত্নী সহ শুই থকা অৱস্থাত পাক ঘৰৰ বেৰ কাটি কোনো দুৰ্বিত্ত প্ৰৱেশ কৰে শোৱনি কোঠাত ৷ হথাৎ সাৰ পায় পত্নী মৌচুমী দলেই  বিচনাৰ কাষত এজন মানুহ ঠিয় হৈ থকা দেখি হৈ চৈ লগাই ৷ দুৰ্বিত্ত তাৎক্ষণিক পলাই যায় পাক ঘৰৰ কটা অংশইদি ৷  ইফালে পৰিয়ালৰ লোকে পুত্ৰ সন্তানৰ কাষত মানুহজন ৰৈ থকালৈ চাই পুত্ৰক নিবলৈ আহিছে বুলি সন্দেহ কৰে ৷ আনহাতে তেওলোকৰ ছয় বছৰীয়া পুত্ৰক অচেতন হোৱা কিবা ঔষধ দিয়া বুলিও সন্দেহ প্ৰকাশ কৰিছে ৷ উল্লেখ্য  যে মাজুলীবাসীয়ে এই বিষয়বোৰ মাজুলীৰ আৰক্ষী প্ৰশাসনক গুৰুত্ব সহকাৰে লৈ  তদন্ত কৰিবলৈ দাবী জনাইছে ৷