দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত সন্মুখত সদৌ অসম চৰকাৰী এন. পি.এছ কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক কৰ্মবিৰতি।

সোমবাৰে দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত সন্মুখত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ন কৰে। নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা OPS পুণৰ প্ৰৱৰ্তন কৰা দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সকলে চৰকাৰে তেওঁলোকৰ সমস্যা সমাধান নকৰা প্ৰৰ্যন্ত এই প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব বুলি হুংকাৰ প্ৰদান কৰাৰ লগতে অনাগত সময়ত ৰাজ্যৰ প্ৰশাসনক ব্যৱস্থা গণতান্ত্ৰিক প্ৰতিবাদৰ জৰিয়তে অচল কৰি তুলিব বুলি মন্তব্য কৰে।