বহুতো জল্পনা কল্পনাৰ অন্তত আজি কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নাকবীয়ে পদত্যাগ কৰিছে। কিছু সময় পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত কৰি নাকভীয়ে মন্ত্ৰী পদ ত্যাগ কৰে।
উল্লেখ্য যে, ৰাজ্যসভাৰ সদস্যৰূপে নাকভীৰ কাৰ্যকাল বৃহস্পতিবাৰে সমাপ্ত হ’ব। ইয়াৰ মাজতে এইটোও চৰ্চিত হৈ আছে যে বিজেপিয়ে নাকবীক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে থিয় কৰাব।
ইফালে, বিজেপিৰ মিত্ৰদল জেডিইউৰ তৰফৰ পৰা মন্ত্ৰিত্ব লাভ কৰা আৰ চি পি সিঙেও নিজৰ পদবীৰ পৰা পদত্যাগ কৰিছে। ৰাজ্যসভাৰ সদস্যৰূপে সিঙৰো কাৰ্যকাল সমাপ্ত হ’ব যদিও জেডিইউয়ে এইবাৰ তেওঁক পুনৰ মনোনীত নকৰাত তেওঁ মন্ত্ৰী পদ ত্যাগ কৰিব লগা হৈছে।
নাকবীয়ে মন্ত্ৰী পদ ত্যাগ কৰাৰ পূৰ্বে আজি ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাকো সাক্ষাত কৰে। উল্লেখ্য যে বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা নাকভী ৰাজ্যসভাত বিজেপিৰ উপ-নেতাও আছিল।
শেহতীয়াকৈ ৰাজ্যসভাৰ বাবে অনুষ্ঠিত হোৱা দ্বিবাৰ্ষিক নিৰ্বাচনত বিজেপিয়ে নাকভীক প্ৰাৰ্থিত্ব প্ৰদান কৰা নাছিল। ইয়াৰ পিছৰে পৰা দলে তেওঁক নতুন ভূমিকা প্ৰদান কৰিব পাৰে বুলি চৰ্চা চলা আৰম্ভ হৈছিল।
মোদী মন্ত্ৰীসভাৰ পৰা মুখতাৰ আব্বাছ নাকবী আৰু আৰচিপি সিঙৰ পদত্যাগ
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/07/nerity_033ac96c1e35b587b583d6aa2bce9bfe.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)