বঙাইগাঁৱৰ ঘিলাগুৰীত প্ৰসাদত বিষক্ৰিয়া হৈ প্ৰায় ৩০ গৰাকী লোক অসুস্থ হৈ পৰিছে । 

ইয়াৰে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ১১ জনক। 

চিকিৎসাধীন হৈ থকা সকলৰ ভিতৰত ৬ গৰাকী শিশু।

জানিব পৰা মতে শনিবাৰে নিশা ঘিলাগুৰীৰ ৰাম প্ৰসাদ সৰকাৰ নামৰ এজন লোকৰ ঘৰত সত্যনাৰায়ন পূজা আছিল। 

উক্ত পূজাৰ প্ৰসাদ খাই বিষক্ৰিয়াত আক্ৰান্ত হৈ পৰিছিল প্ৰায় ৩০ গৰাকী লোক। 

আনহাতে, বিষক্ৰিয়াত আক্ৰান্ত সকল সংকটমুক্ত বুলি চিকিৎসকে জানিব দিছে।