কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতি(New Pension System) বাতিলৰ দাবীত সমগ্ৰ অসমৰ লগতে ধিঙটো সৰ্বাত্মক প্ৰতিবাদ । ধিং ছোৱালী হাইস্কুলৰো এন পি এচ কৰ্মচাৰীৰ কৰ্মবিৰতিৰে প্ৰতিবাদ । ধিঙৰ বিভিন্ন বিভাগৰ এন পি এছ কৰ্মচাৰীয়ে সকলে হাতে হাতে প্লেকাৰ্ড লৈ নিজ বিদ্যালয় তথা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁ লোকে নতুন পেঞ্চন নীতি বাতিল কৰাৰ দাবী উত্থাপন কৰে।