◾ভাৰতীয় ৰে’লৱেঃ ৰে’লৱেৰ সূত্ৰ অনুসৰি ১৫ আগষ্টৰ পূৰ্বে আৰম্ভ হ’ব ছেমি হাই স্পীড (১৬০-২০০ কিলোমিটাৰ প্ৰতি ঘণ্টা) বন্দে ভাৰত পৰীক্ষা। কোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চেন্নাইৰ পৰা ৰে’লখন ফ্লেগ অফ কৰিব পাৰিব।

◾ৰে’ল যাত্ৰীসকলৰ বাবে এক ভাল খবৰ। এতিয়া ভাৰতীয় ৰে’লৱে বন্দে ভাৰত ৰে’লৰ নতুন সংস্কৰণ মুকলি কৰাৰ প্ৰস্তুতি চলাইছে। আপোনালোকক জনাও যে এইখন দেশৰ ভিতৰতে তৃতীয়খন এনেধৰণৰ ৰে’ল হ’ব আৰু অহা ১২ আগষ্টত চেন্নাইৰ ইন্টিগ্ৰেল কোচ ফেক্টৰী (আই চি এফ)ৰ পৰা ইয়াক পৰীক্ষাৰ বাবে ফ্লেগ অফ কৰা হ’ব। মঙলবাৰে এই তথ্য দি সূত্ৰই জনোৱা মতে, নৱেম্বৰৰ পৰা দক্ষিণ ভাৰতৰ বিশেষ পথত এই ৰে’লখন চলাৰ সম্ভাৱনা আছে।

◾ৰে’লৱেৰ সূত্ৰ অনুসৰি ১৫ আগষ্টৰ পূৰ্বে আৰম্ভ হ’ব ছেমি হাই স্পীড (১৬০-২০০ কিলোমিটাৰ প্ৰতি ঘণ্টা) বন্দে ভাৰতৰ ট্ৰায়েল।কোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চেন্নাইৰ পৰা ৰে’লখন ফ্লেগ অফ কৰিব পাৰিব। অৱশ্যে চৰকাৰে এতিয়াও নিশ্চিত কৰিব পৰা নাই। ৰাজস্থানৰ কোটাৰ পৰা মধ্যপ্ৰদেশৰ নাগদা অংশলৈ পৰীক্ষা কৰা হ’ব বন্দে ভাৰতৰ নতুন সংস্কৰণ। ৰে’লখনৰ পৰীক্ষামূলক গতিবেগ হ’ব ঘণ্টাত ১০০ৰ পৰা ১৮০ কিলোমিটাৰ। দুটাৰ পৰা তিনিটা ট্ৰায়েলত সফলতা লাভ কৰাৰ পিছত নতুন বন্দে ভাৰত ৰে’লখন বাণিজ্যিকভাৱে চলাচলৰ বাবে অনুমোদন দিব পাৰিব।

◾প্রধানমন্ত্রী মোদীয়ে ঘোষণা কৰা অনুসৰি ২০২৩ চনৰ ১৫ আগষ্টৰ ভিতৰত ৰে’লৱেই ৭৫খন বন্দে ভাৰতৰ ৰে’ল চলাচল আৰম্ভ কৰিব বুলি দাবী কৰিছে৷ আইচিএফৰ প্ৰতিমাহে ছয়ৰ পৰা সাতটা বন্দে ভাৰত ৰেক (ৰে’ল) উৎপাদন ক্ষমতা আছে আৰু এই সংখ্যা ১০টালৈ বৃদ্ধি কৰাৰ প্ৰচেষ্টা চলি আছে।

◾ইয়াৰ উপৰিও কাপুৰথালাৰ ৰেল কোচ ফেক্টৰী আৰু ৰায়ে বাৰেলীৰ মডাৰ্ণ কোচ ফেক্টৰীতো বন্দে ভাৰত ৰেল নিৰ্মাণ কৰা হ’ব। সূত্ৰই জনোৱা মতে, নতুন বন্দে ভাৰত ৰে’লখনে যাত্ৰীসকলৰ সুৰক্ষা আৰু আৰামদায়ক সুবিধাকে ধৰি বহু দিশৰ প্ৰতি লক্ষ্য ৰাখিছে। বৰ্তমান দিল্লীৰ পৰা কাটৰা আৰু দিল্লীৰ পৰা বাৰাণসীৰ মাজত বন্দে ভাৰত ৰে’ল চলাই আছে।