শনিবাৰে নিশা গোপালপুৰ কাংকান নগৰত শিশু অপহৰণৰ আতংক

পাঁচ দিনৰ পূৰ্বে জেংৰাইমুখৰ উজনি চেৰেপাইত সংঘটিত হৈছিল অনুৰূপ ঘটনা

আৰক্ষীৰ ওপৰত ৰাইজৰ ক্ষোভ, ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ পাছতো তিনিদিনৰ পাছতো উপস্থিত নহল আৰক্ষী

ভুক্তভোগী পৰিয়ালৰ আশংকা তেওঁলোকৰ একমাত্ৰ পুত্ৰক অপহৰণৰ চেষ্টা চলাইছিল দুৰ্বৃত্তই

শুই থকা ছবছৰীয়া শিশুৰ গাত ঔষধ প্ৰয়োগ কৰি অচেতন কৰাৰ অভিযোগ

মাজুলীৰ গড়মূৰ থানাৰ অন্তৰ্গত গোপালপুৰ কাংকান নগৰত নিশা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।নিশা প্ৰায় চাৰে এঘাৰ বজাত পুলিন দলে নামৰ অগ্নি নিৰ্বাপন বাহিনীত কৰ্মৰত ব্যক্তিজনে পত্নী আৰু ছয় বছৰীয়া পুত্ৰ সন্তানৰ সৈতে শুই থকা অৱস্থাত পাকঘৰৰ বেৰ কাটি কোনো দুৰ্বৃত্তই দুষ্কাৰ্য সংঘটিত কৰিবলৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল।পুলিন দলেৰ পত্নী মৌচুমী দলেই টোপনিৰ পৰা সাৰ পাই নিজৰ বিচনাৰ কাষত দুৰ্বৃত্তটোৱে চোপ লৈ থকাৰ উমান পাই চিঞৰ বাখৰ কৰাত স্বামী পুলিন দলে সাৰ পাই দুৰ্বৃত্তটো পাকঘৰলৈ সোমাই যোৱা দেখা পাই লগে লগে দুয়ো দুৰ্বৃত্তটোক কৰায়ত্ত কৰাৰ উদ্দেশ্যে পাকঘৰলৈ যায় যদিও দুৰ্বৃত্তটোৱে আগেয়ে কাটি থোৱা বেৰৰ ফাকেৰে পলাই যাবলৈ সক্ষম হয়।