অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভাওনা সংস্কৃতিক জীয়াই ৰখাৰ প্ৰয়াস। 

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত লংপতীয়া আঞ্চলিক সমিতি উদ্যোগত আৰু বৃহত্তৰ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হয় ভাওনা পদর্শন। উক্ত ভাওনা প্ৰদৰ্শন ৰ লগত সংগতি ৰাখি এখনি ধৰ্মালোচনী সভা আয়োজন কৰা হয়। উক্ত সভাত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সাধাৰণ সম্পাদক লংকেশ্বৰ গগৈ, শিক্ষাগুৰু তথা পূৰ্বাঞ্চল উচ্চ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিভাগৰ শিক্ষক উৎপল ফুকন,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ তথ্য-যোগাযোগ বিভাগৰ সম্পাদক চাবিৰ আহমেদ,সমাজকৰ্মী তথা পদ্মকুমাৰী বালিকা বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষাক শ্ৰদ্ধাৰ মণি গগৈ,শিক্ষাক তথা ক্ৰীড়া লগত জড়িত ৰঞ্জিত শইকীয়া,সমাজকৰ্মী তথা যুৱ-নেতা পবি গগৈ,চিমি ফুকন ,মিতালি গগৈ লগতে অঞ্চলটোৰ শিক্ষকসকল ,জিলা আৰু আঞ্চলিক সমিতিৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ লগতে লংপতীয়া আঞ্চলিক সমিতি সকলো বিষয়ববীয়া উপস্থিত থাকে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এনে পদক্ষেপে ভাওনা সংস্কৃতিক জীয়াই ৰখাৰ যি প্ৰয়াস কৰিছে উঠি অহা নৱ-প্ৰজন্ম তথা ছাত্ৰ-ছাত্ৰী সকলক অনুপ্ৰাণিত কৰিছে।