ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেৰ পিতৃ পৰমানন্দ দলেৰ বিয়োগ ।
প্ৰাক্তন কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী লক্ষ দলেৰ ভায়েক আছিল পৰমানন্দ দলে।
দিছপুৰ পলিক্লিনিকত আজি দিনৰ ১.৩০ বজাত বাধক্যজনিত কাৰণত মৃত্যুহয় দলেৰ।
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৮ বছৰ।
২০০৬ চনত ঢকুৱাখনা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল প্ৰয়াত দলে।
ঢকুৱাখনাৰ ভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল এইগৰাকী বিশিষ্ট সমাজসেৱক।
ঢকুৱাখনাৰ বিশিষ্ট ব্যক্তি গৰাকীৰ মৃত্যুত তেওঁৰ জন্মভূমি মাতমৰাৰ লগতে সমগ্ৰ ঢকুৱাখনাত শোকৰ ছাঁ পৰিছে।