মাজুলীতো চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে পৰীক্ষা অনুষ্ঠিত হয়। স্বচ্ছ আৰু নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সমগ্ৰ জিলাৰ উপায়ুক্ত সকলক কঠোৰ নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত মাজুলী জিলা প্ৰশাসনেও বাহিৰৰ পৰা শ শ আৰক্ষী জোৱান আনি কটকটীয়া নিৰাপত্তাৰ মাজৰে পুৱা ১০ বজাৰ পৰা বিয়লি চাৰি বজালৈকে দুখন প্ৰশ্ন কাকতৰ পৰীক্ষা অনুষ্ঠিত কৰিলে। সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীতো পুৱা ১০ বজাৰ পৰা সম্পূৰ্ণ ৰূপে ইন্টাৰনেট সেৱা ব্লেক আউট কৰি ১৯ টা পৰীক্ষা কেন্দ্ৰত ১৯ গৰাকী চুপাৰভাইজাৰৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত অনুষ্ঠিত হল পৰীক্ষা। পৰীক্ষা কেন্দ্ৰ সমূহত পুৱা ৮ বজাৰ পৰাই পৰীক্ষাৰ্থী সকলে শাৰী পতা পৰিলক্ষিত হ'ল। প্ৰতিগৰাকী পৰীক্ষাৰ্থীকে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ পূৰ্বে আৰক্ষীয়ে তন্ন তন্নকৈ তালাচী চলোৱা পৰিলক্ষিত হ'ল। ।