নাহৰকটীয়াত পোনপ্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছে আন্তঃ নাহৰকটীয়া মহকুমা পাঞ্জা প্ৰতিযোগিতা ।

নাহৰকটীয়া বাহু যোদ্ধাৰ উদ্যোগত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত নাহৰকটীয়া মহকুমাৰ বিভিন্ন প্ৰান্তৰ পৰা পুৰুষ মহিলা যুৱক যুৱতীয়ে অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয়। নাহৰকটীয়া চহৰৰ মাজমজিয়াত থকা ৰাধা কৃষ্ণ মিলন মন্দিৰৰ প্ৰাংগনত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই প্ৰতিযোগিতা।