মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত এগৰাকী গৃহৰক্ষী জোৱানে আত্মহত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আত্মহত্যা কৰা জোৱানজন ৰণ্টু মেধি বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, আজি দুপৰীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতে পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে জোৱানজনে।

আত্মহত্যাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও ইয়াৰ আঁৰত পাৰিবাৰিক কাৰণ বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

জোৱানজন মৰিগাঁও জিলাৰ কাহিবাৰীৰ নিবাসী।