মুম্বাই, ২০ আগষ্ট। মাতৃ হ'ল সোনম কাপুৰ। প্ৰবীণ অভিনেত্ৰী নীতু কাপুৰে তেওঁৰ ইনষ্টাগ্ৰামত পোষ্ট শ্বেয়াৰ কৰি এই খবৰ দিয়ে। এই পোষ্ট অনুসৰি সোনম কাপুৰে শনিবাৰে এক পুত্ৰ সন্তান জন্ম দিয়ে।

২০১৮ চনৰ ৮ মে তাৰিখে সোনম কাপুৰে আনন্দ আহুজাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। সোনম আৰু আনন্দৰ বিয়াখন বহু চৰ্চিত হৈছিল। বিবাহৰ প্ৰায় চাৰি বছৰৰ পিছত সোনমে চলিত বছৰৰ মাৰ্চত অনুৰাগীসকলৰ সৈতে তেওঁৰ গৰ্ভধাৰণৰ খবৰ শ্বেয়াৰ কৰিছিল। ছ'চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীসকলে সোনমক অভিনন্দন জনাইছে আৰু নৱজাতক সন্তানটিক শুভেচ্ছা জনাইছে।