প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি

আচঁনি যোগ্য হিতাধিকাৰীক মাটিৰ তথ্য প্ৰদানৰ বাবে আহ্বান

বিশ্বনাথ চাৰিআলি, ২০ আগষ্টঃ

 বিশ্বনাথ জিলাৰ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ যোগ্য হিতাধিকাৰী সকলক চৰকাৰে অতি সোনকালে তেওঁলোকৰ মাটিৰ তথ্য সমূহ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ তালিকাত সংযুক্ত কৰিবৰ জৰুৰীভাৱে জাননী দিছে। বিশ্বনাথ জিলাখনৰ প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধিৰ সমূহ যোগ্য হিতাধিকাৰীক তেওঁলোকৰ মাটিৰ শেহতীয়াকৈ উলিওৱা জমাবন্দি, পি এম কিষানৰ পঞ্জীয়ন নম্বৰ, আধাৰ কাৰ্ডৰ ফটোষ্টেট কপি আৰু বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাৰ ফটোষ্টেট কপি নিজ নিজ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়াৰ হাতত শীঘ্ৰে জমা দিবলৈ বিশ্বনাথ জিলা কৃষি বিভাগৰ পৰা অনুৰোধ জনাইছে। উল্লেখ্য যে, অহা ৩০ আগষ্টৰ পূৰ্বে এই তথ্য সমূহ জমা নিদিলে হিতাধিকাৰীসকল পৰবৰ্তী কিস্তিৰ ধন লাভ কৰাৰ পৰা বঞ্চিত হব বুলিও জিলা কৃষি বিভাগে প্ৰকাশ কৰিছে ।