দিল্লী, ১৯ আগষ্ট (হি.স.)। আপক লৈ ঈৰ্ষা বিজেপিৰ। ৰাজধানী দিল্লীৰ শিক্ষাৰ আৰ্হি মডেলক লৈ ভূয়সী প্ৰশংসা নিউয়ৰ্ক টাইমছৰ। এই সংবাদ গোষ্ঠীটোৱে কেজৰিৱাল নেতৃত্বাধীন চৰকাৰৰ শিক্ষাৰ আৰ্হি মডেলক প্ৰশংসা কৰিছে। ইয়াকে লৈ এতিয়া বিজেপিৰ ঈৰ্ষা। এটাৰ পিছত এটাকৈ তীব্ৰ কটাক্ষ মন্তব্যৰে থকাসৰকা কৰিছে বিজেপিয়ে আপক। সংবাদ গোষ্ঠীটোৱে প্ৰকাশ কৰা এই বাতৰিক পেইড নিউজ আখ্যা বিজেপিৰ। আমেৰিকাৰ দৰে এখন দেশৰ এখন বিখ্যাত বাতৰি কাকতত দিল্লী চৰকাৰৰ শিক্ষা আৰ্হিৰ প্ৰশংসা কৰা হৈছে। এই প্ৰবন্ধটোৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি বিজেপিয়ে ইয়াক পেইড নিউজ বুলি কৈছে। 

দিল্লী বিজেপিৰ সভাপতি আদেশ গুপ্তাই কয় অৰবিন্দ কেজৰিৱাল এজন বিস্ময়কৰ বিজ্ঞাপনদাতা। এতিয়া বিদেশত বিজ্ঞাপনৰ বাবে যথেষ্ট খৰচ কৰি একেটা বিজ্ঞাপন দ্য নিউয়ৰ্ক টাইমছ আৰু দ্য এম্পটি টাইমছত বাতৰি প্ৰকাশ কৰিছে। সাংসদ প্ৰৱেশ চাহিব সিং বাৰ্মাই প্ৰবন্ধটোত এখন ছবিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কয় যে প্ৰবন্ধটোত মুদ্ৰণ কৰা চৰকাৰী বিদ্যালয়খনৰ ফটোখন প্ৰকৃততে ব্যক্তিগত 'মাদাৰ মেৰী স্কুল, ময়ূৰ বিহাৰৰহে। 

দিল্লীৰ সাংসদ ৰমেশ বিধুৰীয়ে প্ৰবন্ধটো লিখা ব্যক্তিজনকো প্ৰশ্ন কৰি কয় যে লেখক কৰণদীপ সিঙে এই প্ৰবন্ধটো লিখিছিল। তেওঁ খালিস্তানি আদৰ্শৰ সৈতে জড়িত। অৰবিন্দ কেজৰিৱালে খালিস্তানী লেখকৰ জৰিয়তে ধনৰ ভিত্তিত প্ৰবন্ধ প্ৰকাশ কৰিছে।

ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমী পাৰ্টিৰ সাংসদ ৰাঘৱ চাধাই। তেওঁ কয় যে বিজেপিৰ মন্তব্য হাস্যকৰ। বিজেপিয়ে নিজকে বিশ্বৰ সৰ্ববৃহৎ দল বুলি কয়। এই দলটো আটাইতকৈ ধনী ৰাজনৈতিক দল। যদি কোনোবাই এই প্ৰবন্ধসমূহ ক্ৰয় কৰিব পাৰে তেন্তে তেওঁলোকেও নিউয়ৰ্ক টাইমছৰ প্ৰথম পৃষ্ঠাত দৈনিক প্ৰৱন্ধ প্ৰকাশ কৰাব লাগে।

লগতে আপৰ মুখপাত্ৰ সৌৰভ ভৰদ্বাজে কয় যে নিউয়ৰ্ক টাইমছে দিল্লীৰ শিক্ষা বিপ্লৱৰ ওপৰত এটা কাহিনী লিখিছে। যেতিয়া খালিজ টাইমছে নিউয়ৰ্ক টাইমছৰ উদ্ধৃতিৰে বাতৰিটো প্ৰকাশ কৰিছিল বিজেপিৰ মতে ই পেইড নিউজ হৈছে।