নিউয়ৰ্ক, ১৯ আগষ্ট। আমেৰিকাৰ নিউয়ৰ্কত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিক চৰম অপমান। ভাঙি পেলোৱা হৈছে গান্ধীৰ প্ৰতিমূৰ্তি। জানিব পৰা অনুসৰি, নিউয়ৰ্কৰ দক্ষিণ ৰিচমণ্ড পাহাৰত অৱস্থিত হিন্দু মন্দিৰ শ্ৰী তুলসী মন্দিৰৰ সন্মুখত অৱস্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা হৈছে। কোনো অচিনাক্ত ব্যক্তিয়ে মহাত্মা গান্ধীৰ মূৰ্তি হাতুৰিৰে ভাঙি পেলাইছে। উক্ত স্থানত স্থাপন কৰা চিচিটিভি কেমেৰাত বন্দী হোৱা দৃশ্যত স্পষ্টকৈ দেখা গৈছে যে এজন ব্যক্তিয়ে গান্ধীৰ মূৰ্তিটো হাতুৰীৰে ভাঙি পেলাইছে। ইমানেই নহয় ভঙা মূৰ্তিটো মুখ্য পথৰ কাষত স্প্ৰে পেইণ্টেৰে অশালীন শব্দ লিখি পেলাই দিয়ে।

ভাঙি পেলোৱা গান্ধীৰ মূৰ্তিটোৰ সন্মুখত অৱস্থিত শ্ৰী তুলসী মন্দিৰৰ প্ৰতিষ্ঠাপক লাখৰাম মহাৰাজে দুখ ব্যক্ত কৰে। এই ঘটনাৰ পিছত এতিয়া উক্ত স্থানত বাস কৰা ভাৰতীয় মূলৰ লোকসকলে মন্দিৰলৈ যাবলৈ শংকাত ভূগিছে। এই সন্দৰ্ভত নিউয়ৰ্ক আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। 

ইফালে গান্ধীৰ প্ৰতিমূৰ্তি ভঙা সন্দৰ্ভত বিধানসভাৰ সদস্য জেনিফাৰ ৰাজকুমাৰে এই কাৰ্য অতি উদ্বেগজনক বুলি মন্তব্য কৰে। 

উল্লেখ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ম্যানহাটানৰ ইউনিয়ন স্কোৱেৰত অৱস্থিত এটা আঠ ফুট ওখ গান্ধীৰ মূৰ্তি অচিনাক্ত ব্যক্তিয়ে বিকৃত কৰিছিল।