বৰ্তমান চৰ্চাত 'ভাইজান'। চলমান খানৰ আহিবলগীয়া ছবি 'ভাইজান' ছবিখনৰ এটা ৰোমান্টিক গানৰ বাবে লেহ লাডাখত দৃশ্যগ্ৰহণ কৰি থকা হৈছে। দৃশ্যগ্ৰহণস্থলীৰ পৰা তেওঁ তেওঁৰ অনুৰাগীসকলৰ বাবে এখন ফটো শ্বেয়াৰ কৰিছে। সম্প্ৰতি এই ফটোখন ছ'চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

চলমান খানে তেওঁৰ অফিচিয়েল ছ'চিয়েল মিডিয়া একাউণ্টত লেহৰ পৰা এখন ফটো শ্বেয়াৰ কৰিছে। ফটোখনত তেওঁক দীঘল চুলিত দেখা গৈছে লগতে তেওঁ ক'লা জিন্স আৰু ক'লা জোতা আৰু এটা ক'লা চাৰ্ট পিন্ধি থকা দেখা গৈছে। শ্বেয়াৰ কৰি চলমানে লিখিছিল "লেহ... লাডাখ'। তেওঁৰ অনুৰাগীসকলে ফটোখনৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

উল্লেখনীয় যে চলমানে তেওঁৰ ছবি কভি ঈদ কভি দেৱালীৰ নাম ভাইজানলৈ সলনি কৰিছে যদিও ইয়াৰ আনুষ্ঠানিক বাতৰি এতিয়াও প্ৰকাশ কৰা হোৱা নাই। অভিনেত্ৰী পূজা হেগড়েক ছবিখনত প্ৰথমবাৰৰ বাবে চলমান খানৰ সৈতে দেখা যাব। এই দুজনৰ উপৰিও শ্বাহনাজ গিল, পলক তিৱাৰী, সূৰজ পাঞ্চোলী, সুৰজ ইকবাল, শ্বাহনাজ গিলকো ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। দক্ষিণৰ চুপাৰষ্টাৰ ৰাম চৰণকো ছবিখনত এক বিশেষ ৰূপত দেখা যাব। 'ভাইজান' ফাৰহাদ চামজীৰ দ্বাৰা পৰিচালিত এখন একচন কমেডি চলচ্চিত্ৰ হ'ব। ইয়াৰোপৰি চলমানৰ ছবি টাইগাৰ-৩ও অচিৰেই ছবিগৃহত দেখিবলৈ পাব।