নতুন দিল্লী, ১৯ আগষ্ট। স্বচ্ছ ভাৰত মিছন গ্ৰামীণ (এছবিএম-জি)ৰ অধীনত দেশৰ এক লাখতকৈও অধিক গাৱক অ'ডিএফ প্লাছ ঘোষণা। জল শক্তি মন্ত্ৰালয়ৰ মতে দেশৰ পাঁচখন ৰাজ্যত সৰ্বাধিক সংখ্যক গাৱক অ'ডিএফ প্লাছ ঘোষণা কৰা হৈছে। ইয়াৰ ভিতৰত আছে তেলেংগানা, তামিলনাডু, উৰিষ্যা, উত্তৰ প্ৰদেশ আৰু হিমাচল প্ৰদেশ। এই গাওঁবোৰত কঠিন আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনাৰ সকলো প্ৰণালী বিদ্যমান। 

সমগ্ৰ দেশৰ ৯৯,৬৪০ খন গাঁৱত কঠিন আৱৰ্জনা ব্যৱস্থাপনা কৰা হৈছে। ইয়াৰ সৈতে প্ৰায় ৫৭,৩১২ খন গাঁৱত কাৰ্যকৰী কঠিন আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প আছে। আঠ বছৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল। এই অভিযানৰ উদ্দেশ্য হৈছে মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তীত দেশক সম্পূৰ্ণৰূপে স্বচ্ছ কৰি তোলা।