ইম্ফল, ১৯ আগষ্ট। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুকুৰবাৰে মণিপুৰৰ মন্ত্ৰিপুখৰীস্থিত আছাম ৰাইফলছ (দক্ষিণ) মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰি ৰেড শ্বিল্ড ডিভিজন আৰু আছাম ৰাইফলছৰ জোৱানৰ সৈতে মত বিনিময় কৰে। সিঙৰ সৈতে সেনাবাহিনীৰ মুখ্য সেনাধ্যক্ষ জেনেৰেল মনোজ পাণ্ডে, জি অ’ চি ইন চি ইষ্টাৰ্ণ কমাণ্ড লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতা আৰু জি অ’ চি স্পিয়াৰ কৰ্পছ লেফটেনেণ্ট জেনেৰেল আৰ চি তিৱাৰীৰ লগতে সেনা আৰু আছাম ৰাইফলছৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। 

মত বিনিময়ৰ সময়ছোৱাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক অঞ্চলটোত শান্তি বজাই ৰাখিবলৈ ভাৰত-ম্যানমাৰ সীমান্তত চলি থকা সন্ত্ৰাসবাদ বিৰোধী আৰু সীমা ব্যৱস্থাপনা অভিযানৰ বিষয়ে অৱগত কৰা হয়।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ১৯৭১ চনৰ যুদ্ধ, শ্ৰীলংকাত আই পি কে এফৰ অংশ হিচাপে বা বৰ্তমানৰ ভূমিকাত ৰেড শ্বিল্ড ডিভিজনৰ অৱদানৰ শলাগ লয়। তেওঁ যোৱা সাতটা দশকত আছাম ৰাইফলছে গ্ৰহণ কৰা সুন্দৰ ভূমিকা আৰু আভ্যন্তৰীণ নিৰাপত্তা, ভাৰত-ম্যানমাৰ সীমান্ত সুৰক্ষিত কৰি উত্তৰ-পূবক ৰাষ্ট্ৰীয় মূলসুঁতিলৈ অনাৰ ক্ষেত্ৰত আগবঢ়োৱা অপৰিসীম অৱদানৰ শলাগ লয়।

সেনা জোৱানসকলক সম্বোধন কৰি সিঙে মণিপুৰৰ নিৰাপত্তা পৰিস্থিতি উন্নত কৰাৰ লগতে ভূখণ্ড আৰু বতৰৰ প্ৰত্যাহ্বানৰ মাজতো সাহস আৰু দৃঢ়তাৰে কৰ্তব্য পালন কৰাৰ বাবে বিষয়া-জোৱানে প্ৰশংসা কৰে। তেওঁ কয় যে ভাৰতীয় সেনা আৰু আছাম ৰাইফলছৰ জোৱানসকলৰ মাজত এইদৰে মতবিনিময় কৰাটো অতি গৌৰৱৰ বিষয়। দৃঢ় সমৰ্পণৰ জৰিয়তে জাতীয় পতাকা উচ্চ কৰি ৰাখিবলৈ সামৰিক বাহিনীৰ লোকসকলক আহ্বান জনাই ৰাজনাথ সিঙে কয় যে যেতিয়া ইয়াৰ সীমা সুৰক্ষিত হ’ব তেতিয়াহে ৰাষ্ট্ৰখনে নিজৰ পূৰ্ণ সামৰ্থ্য অৰ্জন কৰিব পাৰিব। প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে হোৱা এই মত বিনিময়ত ৰেড শ্বিল্ড ডিভিজন আৰু আছাম ৰাইফলছৰ ১০০০ৰো অধিক জোৱানে অংশগ্ৰহণ কৰে।