চিমেন চাপৰি মহাবিদ্যালয়ত Career Counseling Program প্ৰশিক্ষণ,দুই সহস্ৰাধিক শিক্ষাৰ্থীৰ অংশগ্ৰহণ

চিলাপথাৰ চিমেন চাপৰি মহাবিদ্যালয়ত আজি Career Counseling Program ৰ প্ৰশিক্ষণ অনুষ্টিত হয় ৷ মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ উদ্বোগত আৰু অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ সহযোগত, টি এম পি কে জোনাই জিলা সমিতি আৰু এবছু ধেমাজি জিলাৰ পূৰ্ণ সহযোগত অনুষ্টিত হোৱা কাৰ্যসূচীত ছাত্ৰছাত্ৰী সকলৰ কৰ্মসংস্থাপনৰ বিভিন্ন বিষয়ত দক্ষতাৰ সন্দৰ্ভত আলোচনা আগবঢ়াঢ়োৱাৰ লগতে সঠিক দিশ নিৰ্দশনৰ অভাৱত বহু ছাত্ৰছাত্ৰীয়ে মুল লক্ষ্যৰ পৰা বিচলিত হব লগা হয় বুলি অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পৰা অহা সমল ব্যক্তি তথা মটিভেটৰ অঞ্জন চৌধুৰী , মানৱ প্ৰতিম চুতীয়া আৰু ইফটিকাৰ আহমেদে প্ৰণালীবদ্ধ আৰু শৃংখলাবদ্ধ হৈ নিজৰ লক্ষ্য উদ্দেশ্য আগত ৰাখি আগবাঢ়ি আহিবলৈ নৱপ্ৰজন্মক আহ্বান জনায় ৷তদুপৰি কাৰ্যসূচীতে ছাত্ৰছাত্ৰী সকলৰ মাজত বিভিন্ন বিষয়ৰ লক্ষ্য উদ্দেশ্যৰ ওপৰত মত বিনিময় অনুষ্টান অনুষ্টিত হৈ যায়।