ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ নদীত দুটাকৈ কৰুন ঘটনাৰ। নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল দুটি শিশু। ব্ৰহ্মপুত্ৰৰ কাছাৰীঘাটত আজি দিনৰ ভাগত গা ধুই থকাৰ অৱস্থাত ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে উটুৱাই নিয়ে কানহায়া বাচফৰ নামৰ ১২ বছৰীয়া শিশুটিক। চহৰখনৰ শান্তিপাৰা চেকেণ্ড লাইনৰ বাসিন্দা অশোক বাচফৰ পুত্ৰ আছিল কানহায়া। কানহায়াৰ সৈতে গা ধুবলৈ আহিছিল কৃষ্ণা বাচফৰ, ৰহন বাচফৰ, গুলু বাচফৰ, জন বাচফৰ আৰু সমীৰ বাচফৰ। ইয়াৰে কানহায়া বাচফৰ, কৃষ্ণা বাচফৰ, ৰহন বাচফৰ, গুলু বাচফৰে গা ধুই থকাৰ অৱস্থাত নদীৰ কোবাল সোঁতে উটুৱাই নিব খোজোতে স্থানীয় এজন যুৱকে কৃষ্ণা বাচফৰ, ৰহন বাচফৰ আৰু গুলু বাচফৰক প্ৰাণ ৰক্ষা কৰে যদিও নদীৰ কোবাল সোঁতে কানহায়া বাচফৰক উটুৱাই নিয়ে।

ইফালে ডিব্ৰুগড় চহৰৰ পাঁচআলি মহাবাহু ব্ৰহ্মপুত্ৰত অঘটন হৈ আন এজন 6 বছৰীয়া কণমানি মৃত্যু । সমনীয়া সৈতে নদীত গা ধুবলৈ নামি এই ঘটনা হোৱা সন্দেহ । অন্য দুজনক কথমপি জীৱন্তে উদ্ধাৰ কৰিব সক্ষম।6 বছৰীয়া Aslam Ali নামৰ এই শিশু জনক SDRF বাহিনী আৰু স্থানীয় ৰাইজে উদ্ধাৰ কৰি AMCH লৈ মৃত দেহ মৰণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰিছে।দুয়োটা কৰুন দুৰ্ঘটনায়ে চহৰখনত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।