দৰং জিলা কৃষি বিভাগ আৰু কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (ATMA) ৰ উদ্যোগত মংগলদৈ য়ুঠ ক্লাবত "প্ৰাকৃতিক কৃষি" সন্দৰ্ভত এখন সজাগতা সভাৰ আয়োজন কৰা হয় । প্ৰধানকৈ গ্ৰাম প্ৰধান আৰু উদ্যমী কৃষকসকলক সজাগ কৰাৰ উদ্দেশ্যে দুদিনীয়াকৈ অনুষ্ঠিত কৰা এই সজাগতা সভাত বহুকেইগৰাকী গাঁও প্ৰধানকে ধৰি প্রায় শতাধিক কৃষক ৰাইজ উপস্থিত থাকে।

ৰাসায়নিক সাৰ ব্যৱহাৰৰ পৰিৱৰ্তে সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে প্ৰস্তুত কৰা সাৰ কৃষিকাৰ্যত ব্যৱহাৰ কৰি, মাটিৰ উৰ্বৰতা শক্তি অব্যাহত ৰখাৰ ওপৰত সভাখনত বিশদভাৱে আলোচনা কৰা হয়৷ লগতে প্রাকৃতিক সাৰ কেনেকৈ প্রস্তুত কৰিব পাৰি তাৰ ওপৰতো প্ৰশিক্ষণ প্ৰদান কৰে SESTA ৰ বিষয়া মাহানুৰ আলিয়ে।

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই সজাগতা সভাত দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে জিলা কৃষি বিষয়া শ্ৰী জ্যোতিষ চন্দ্ৰ নাথ, ডঃ মনোৰঞ্জন শৰ্মা, মহকুমা কৃষি বিষয়া, অৰূপ কুমাৰ শৰ্মা, জেষ্ঠ্য কৃষি উন্নয়ন বিষয়া,এপাৰ্ট ৰ ন'ডেল বিষয়া জিতেন চহৰীয়া ৰ লগতে জিলাখনৰ সকলো ব্লক টেকনলজী মেনেজাৰ সকল।