ভাৰত-ভূটান আন্তৰাষ্ট্ৰীয় সীমান্তত এন কে দৰংগাত যোৱাকালি অৰ্থাৎ বৃহস্পতিবাৰে বিয়লি গুণ্ডাটেক্স নিদিয়াৰ বাবে যুৱকক উপর্যপুৰী চুৰিকাঘাট কৰে এজন যুৱকে। পৰিবহন ব্যৱসায়ৰ লগত জড়িত আচিকুৰ ৰহমান নামৰ যুৱক এজনে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ সামগ্ৰী কঢ়িয়াই অনা এখন বাহন এন,কে দৰংগাত থকা শুল্ক বিভাগৰ কাৰ্যালয়ত বিভাগীয় নথি পত্ৰ পৰীক্ষা কৰি বাহন খন পঠিয়াই ওলায় আহোতেই আচিকুৰক স্থানীয় মহেশ ৰয় নামৰ এজনে ইণ্ডো ভূটান ট্ৰান্সপৰ্টৰ নামত ৫০০ টকা গুণ্ডাকৰ দাবী কৰি ব্যতিব্যস্ত কৰি তোলে।কিন্তু আচিকুৰে গুণ্ডাকৰ দিবলৈ অমান্তি হোৱাত হঠাৎ মহেশ ৰায় নামৰ যুৱকজনে এখন চুৰিৰে আচিকুৰক হত্যাৰ চেষ্টা চলাওতে হাতেৰে নিজকে ৰক্ষা কৰিব বিচৰাত যুৱকজনৰ হাতত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। আক্ৰমণ কৰিয়ে সেই স্থান পলায়ন কৰে যুৱকজন।হাতত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত আচিকুৰক স্থানীয় গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ কেইগৰাকীমান সদস্যই কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰায় ।ঘটনা সন্দৰ্ভত আচিকুৰ ৰহমানে দৰংগামেলা আৰক্ষী চকীত ইতিমধ্যেই এখন এজাহাৰ দাখিল কৰিছে ৷ আনহাতে উক্ত ঘটনাৰ লগত জড়িত মহেশ ৰয় নামৰ যুৱক জনক কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে দৰংগামেলা আঞ্চলিক গৰিয়া মৰিয়া দেশী ছাত্ৰ পৰিষদে।ইয়াৰ পূৰ্বেও যুৱকজনে মালবাহি গাড়ীৰ পৰা গুণ্ডাটেক্স সংগ্ৰহ কৰি অহাৰ অভিযোগ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Will Kisi Ka Bhai Kisi Ki Jaan Make Salman Khan's Top 10 Opening Day Grossers Of All Time List? - Newzdaddy
Let's look at Salman Khan's top 10 openings ever since his box office comeback with Kisi Ka Bhai...
સુરેન્દ્રનગર ના ખમીસાણા રોડ ઉપર શાળા નંબર એકમાં નાના બાળકોને સ્વેટર વિતરણ કાર્યક્રમ યોજાયો
સુરેન્દ્રનગર રોટરી ક્લબ ઓફ વઢવાણ સીટી દ્વારા ખમીસાણા ખાતે આવેલ શાળા નંબર એકમાં ધોરણ એક થી આઠ...
মৰাণৰ ঘাইপথৰ সংৰক্ষিত ভূমিত দোকান দিয়াক লৈ ব্যৱসায়ী আৰু সংগঠনৰ নেতাৰ মাজত দুৰ্বাদল কাজিয়া
মৰাণৰ ঘাইপথৰ সংৰক্ষিত ভূমিত দোকান দিয়াক লৈ ব্যৱসায়ী আৰু সংগঠনৰ নেতাৰ মাজত দুৰ্বাদল কাজিয়া
आमची प्रेरणा हरपली -आ.संदिप क्षीरसागर
आमची प्रेरणा हरपली -आ.संदिप क्षीरसागर
जिल्ह्याच्याच नव्हे तर महाराष्ट्राच्या पातळीवर...
પાલીતાણા કારડીયા રાજપૂત સમાજ દ્વારા ઈનામ વિતરણ કાર્યક્રમ કર્યા
પાલીતાણા કારડીયા રાજપૂત સમાજ દ્વારા ઈનામ વિતરણ કાર્યક્રમ કર્યા