১৮ আগষ্ট, ২০২২ : 

প্ৰত্যেক বছৰে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি শিক্ষা ক্ষেত্ৰত সামগ্ৰীক ভাবে পাৰদৰ্শিতা প্ৰদৰ্শণ কৰা শিক্ষকসকলক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হয়। এইবাৰো কৃতি শিক্ষক বঁটা প্ৰদান কৰিবলৈ অসম চৰকাৰ তৎপৰ হৈছে। অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ পৰা জানিব পৰা মতে শিক্ষা বিভাগে এন.আই.চি.ৰ সহযোগত শিক্ষকসকলৰ সুবিধাৰ্থে এইবাৰ এই বঁটা আবেদনৰ বাবে এক উন্নত প্ৰযুক্তি সম্পন্ন মোবাইল এপ্লিকেচন ১৮ আগষ্টত আনুষ্ঠানিক ভাৱে শিক্ষামন্ত্ৰীৰ কাৰ্যালয় সভাকক্ষত আয়োজিত এক অনুষ্ঠানত মুকলি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। এই এপ্লিকেচনৰ জৰিয়তে ঘৰত বহিয়ে বা যিকোনো ঠাইৰ পৰা শিক্ষক সকলে পোনপটীয়া ভাৱে এই বঁটাৰ বাবে আবেদন কৰিব পাৰিব। এই মোবাইল এপ্লিকেচন মুকলি অনুষ্ঠানত শিক্ষা বিভাগৰ সচিব ড০ বিজয়া চৌধুৰী, ৰাজ্যিক ইনফৰমেটিকচ্ বিষয়া ড০ সুচিত্ৰা প্যাৰেলাল, মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালক মমতা হোজাই, প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালক সুৰঞ্জনা সেনাপতিৰ লগতে বিভিন্ন বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।