তেজপুৰৰ ৰজা বাণে তেওঁৰ কন্যা ঊষাক সুৰক্ষত কৰি ৰাখিবৰ বাবে এই গড়টো নিৰ্মাণ কৰিছিল বুলি জনবিশ্বাস আছে।ইয়াতে ঊষাৰ ও ঘৰ বা মেহেল আছিল বুলি সকলোৱে কবলৈ বিচাৰে।ঊষাৰ সপোনৰ প্ৰেমিক অনিৰুদ্ধক ইয়াতেই বন্দী কৰি থইছিল বুলিও বিশ্বাস কৰে।কিন্তু এই সৰু টিলাটোক অগ্নিগড় বুলি কোৱা হৈছে যদিও সম্পুৰ্ণ নগৰখনকেই অগ্নিগড় বুলি কোৱা হৈছিল বুলি এক জনবিশ্বাস আছে। তাৰউপৰিও অনিৰুদ্ধক বন্দীত্বৰ পৰা উদ্ধাৰ কৰিবলৈ তশ্ৰীকৃষ্ণ আৰু সৈনিক সকলে যুদ্ধ যাত্ৰা কৰি আহি শোণিতপুৰত(এটিয়াৰ)প্ৰৱেশ কৰি বাণনগৰীৰ চাৰিউফালে অগ্নিৰ বিশাল বিশাল বেৰ দেখি আচৰিত মানিছিল পাছত বাণ নগৰত প্ৰৱেশ কৰাৰ কোনো পথ সুৰুঙা নেদেখি শেষত গৰুড়ৰ দ্বাৰা অগ্নি নিৰ্বাপণ কৰিহে নগৰত প্ৰবেশ কৰিছিল বুলি মহাভাৰতত উল্লেখ আছে(হৰিবংশ বিষ্ণুপৰ্বত)।এই সকলো তথ্যৰ পৰা অনুমান কৰিব পাৰি যে বাণৰজাৰ সম্পুৰ্ণ নগৰখনকেই অগ্নিগড় বুলা হৈছিল।১৯২৮ চনত তেজপুৰ পৌৰসভাৰ পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱাদেৱে ব্ৰহ্মপুত্ৰৰ পাৰত থকা এই সৰু পাহাৰযেন টিলাটোত এখনি উদ্যান নিৰ্মাণ কৰে পিছলৈ পদ্মপাৰ্ক নামৰে জনাজাত হৈছিল কালক্ৰমত এই টিলাটোৱে অগ্নিগড় ৰূপে পৰিচিত হৈ পৰিল ।