আহমেদাবাদ, ১৮ আগষ্ট। আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত আম আদমী পাৰ্টীৰ। দলটোৱে প্ৰাৰ্থী বাছনিৰ বাবে প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছে। ইয়াৰ বাবে আম আদমী পাৰ্টীয়ে দলটোৰ দ্বিতীয় খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। তালিকাখনত সৌৰাষ্ট্ৰৰ পৰা চাৰিজন, মধ্য গুজৰাটৰ দুজন, উত্তৰ গুজৰাটৰ তিনিজন আৰু দক্ষিণ গুজৰাটৰ এজন প্ৰাৰ্থী ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে আপে ১০ জন প্ৰাৰ্থী ঘোষণা কৰিছিল।

বৃহস্পতিবাৰে আম আদমী পাৰ্টিৰ গোৱাৰ ৰাজ্যিক সভাপতি গোপাল ইটালিয়াই বিধানসভা নিৰ্বাচনৰ বাবে দ্বিতীয় খন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। এই উপলক্ষে তেওঁ কয় যে গুজৰাটত আম আদমী পাৰ্টী দিনক দিনে শক্তিশালী হৈ আহিছে। জনসাধাৰণে অৰবিন্দ কেজৰিৱালৰ গেৰাণ্টিৰ ওপৰত নিৰ্ভৰ কৰিছে। কিয়নো তেওঁ দিয়া গেৰাণ্টিসমূহ দিল্লী আৰু পঞ্জাৱত সম্পূৰ্ণ কৰিছে যেতিয়া গুজৰাটতো কৰিব।

আম আদমী পাৰ্টীয়ে গোণ্ডালৰ পৰা নিমিষাবেন খুন্ট, দেৱগড় বাৰিয়াৰ পৰা ভাৰতভাই ৱাখলা, ধোৰাজীৰ পৰা বিপুলভাই সখিয়া, ৱাংকানেৰৰ পৰা বিক্ৰমভাই সোৰাণী, চুৰাট-চোৰিয়াচীৰ পৰা প্ৰকাশ কোন্ট্ৰেক্টৰ, জামনগৰ উত্তৰৰ পৰা কাৰ্শানভাই কৰ্মুৰ, মংগ্ৰোল পাৰমাৰ আৰু ৰাজু কাৰ্তিলা সমষ্টিৰ পৰা ৰাজু কাৰ্তিলা বিধানসভাৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ আগতে সকলো প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ'ব। নিৰ্বাচনৰ বাবে আপ সাজু আৰু কংগ্ৰেছে এতিয়াও চিন্তিত প্ৰাৰ্থীত্ব প্ৰদানক লৈ।

ইফালে আপে বিটিপিৰ সৈতে মিত্ৰতা কৰিছে। আগন্তুক গোৱা বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে ১৮২ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। বৃহস্পতিবাৰে আঠজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। ৰাজ্যখনত আপে আঞ্চলিক দল বিটিপিৰ মাজত এক মিত্ৰতা গঢ়ি তোলে। আগন্তুক দিনত কোনখন আসনত আপে প্ৰতিদ্বন্দিতা কৰিব আৰু কোনখন আসনৰ পৰা বিটিপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া সিদ্ধান্ত লোৱা হ'ব। গোপাল ইটালিয়া আৰু ইচুদান গাধৱীয়েও বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। নিৰ্বাচন ঘোষণাৰ পিছত ৰাজ্যখনত মুখ্যমন্ত্ৰীৰ মুখ প্ৰকাশ পাব। আপে ইতিমধ্যে ইয়াৰ প্ৰথম তালিকাত ১০ জন প্ৰাৰ্থী ঘোষণা কৰিছে।