সদৰ সোণাৰিত আই চি আই চি আই বেংকৰ সোণাৰিশাখা শুভাৰম্ভ কৰে জিলা উপায়ুক্ত পল বৰুৱাই।

 চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ ১নং ৱাৰ্ডত আজি জিলা খনৰ গ্ৰাহকৰ বেংকৰ যোগেদি সুবিধা হোৱাকৈ নতুনকৈ আই চি আই চি আই বেংক এটা নতুন সোণাৰি শাখা বুলি শুভাৰম্ভ কৰা হয় । নতুনকৈ সোণাৰি শাখা আই চি আই চি আই বেংকটো শুভাৰম্ভ কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই । আজিৰ এই শুভাৰম্ভ কৰা অনুষ্ঠিত উপস্থিত থাকে জিলা উপায়ুক্ত সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ চৰাইদেউ প্ৰেছ গীল্ডৰ জেষ্ঠ‍্য প্ৰতিদিন কাকাতৰ সূৰ্য্য কুমাৰ বড়াকে আদি কৰি বিশিষ্ট ব‍্যক্তি সকল । উক্ত অনুষ্ঠানত উপায়ুক্ত পল বৰুৱা আৰু সোণাৰি পৌৰপতিয়ে ভাষনত কয় যে চৰাইদেউ জিলা বাসীৰ আই চি আই চি আই বেংকৰ পৰা বহুত উপকাৰ হব আৰু অবাহতে জিলা খনলৈ এনেকুৱা এটি প্ৰতিষ্ঠান অহাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে ।