জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, মঙলদৈ নগৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক কৌশিক বৰুৱাক ৩ জুলাই তাৰিখে পুৱা ১০-৪৬ বজাত নিজকে আৰ্মি বুলি চিনাকি দি অচিনাক্ত মোবাইল নম্বৰ 9672172281 ৰ পৰা ফোন কৰি অসমৰ পৰা বাহিৰ কৰি দিয়াৰ উপৰিও হত্যাৰ কৰাৰ ভাবুকি প্ৰদান কৰে।

এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপ-সভাপতি ভবেশ কাকতি দৰং জিলা সমিতিৰ সাধাৰণ সম্পাদক পংকজ ডেকা মঙলদৈ নগৰ আঞ্চলিক সমিতিৰ সভাপতি নবজ্যোতি বৰুৱা সাধাৰণ সম্পাদক কৌশিক বৰুৱা সহ এটি সজাতি দলে মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক সমগ্ৰ বিষয়টো অৱগত কৰি এখন এজাহাৰ দাখিল কৰে।