মাজুলীত অনুসুচীত জাতি ছাত্ৰ সন্থাৰ কাৰ্য নিৰ্বাহক সভা : সমিতি নবিকৰন

নামনি মাজুলীৰ ঢেকীয়াজুলিৰ সামুহিক ভৱনত মাজুলীৰ সভাপতি বিকাশ দাসৰ সভাপতিত্ব কাৰ্যনিৰ্বাহক সভা  অনুষ্ঠিত হয় ৷ সাধাৰণ সম্পাদক বিশ্বজিৎ  দাসে  আঁত ধৰা সভাখনত বিভিন্নজনে জাতিটোৰ সমস্যাৰাজীৰ ওপৰত বক্তব্য প্ৰদান কৰে ৷ আজিৰ সভাই জাতিটোৰ সমস্যা সমুহ সমাধানৰ বাবে ধাৰাবাহিক ভাৱে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আজিৰ সভাতেই সংগঠনৰ বহু সদস্যক নতুন দায়িত্ব অৰ্পন কৰি জিলা সমিতি খন নবীকৰন কৰা হয় ৷