নলবাৰী জিলাৰ বৰভাগৰ অতি ভিতৰুৱা ঠাই দোকোহাত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। দ্বিপুল শইকীয়া নামৰ এজন লোকে দুই পুত্ৰ সন্তানৰ সৈতে বিষপান কৰি আত্মহত্যাৰ চেষ্টা চলায়।
এই ঘটনাটোত পিতৃ দ্বিপুল শইকীয়াৰ মৃত্যু ঘটিছে। অৱশ্যে পুত্ৰ সন্তানদ্বয় মৃত্যুৰে যুঁজি আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত।
জানিব পৰা মতে, নিজৰ পত্নীয়ে কণ-কণ দুই পুত্ৰক এৰি পৰপুৰুষৰ লগত পলাই যোৱাৰ সন্দেহতে এই কঠোৰ সিদ্ধান্ত লয় দিন হাজিৰা কৰি ঘৰ চলাই থকা লোক জনে।
দোকোহাৰ দ্বিপুল শইকীয়াই ঘটনা সন্দৰ্ভত বুধবাৰে কামাৰকুছি আৰক্ষী চকীত এক গোচৰ দাখিল কৰিছিল যদিও ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাত তেওঁ এই কঠোৰ সিদ্ধান্ত লয়।
দুই পুত্ৰৰ নাম মানৱজ্যোতি (১৩) আৰু ভাৰ্গৱজ্যোতি (৭) বুলি জানিব পৰা গৈছে।