ৰহা ৰুপহিতলি সন্তান তথা সুদীৰ্ঘ ৪১বছৰ ৪মাহ ১৪দিন দেশ মাতৃ ৰ হকে সেৱা আগবঢ়াই আজি বিয়লী স্ব গৃহ ৰহাৰ ৰুপহিতলিত উপস্থিত হৈ BSF বীৰ জোৱান দ্বীপ সিং পাটৰ।
আজি বিয়লী ৫বজাত ৰুপহিতলিত বীৰ জোৱান দ্বীপ সিং পাটৰ উপস্থিত হোবাত পুৰ্বৰ পৰা ৰখি থকা ৰুপহিতলিৰ ৰাইজ আৰু পৰিয়াল বৰ্গই বীৰ জোৱান দ্বীপ সিং পাটৰক ঢোলে দগৰে নৃত্য কৰাৰ লগতে ফুলাম গামোচা,জাপি,শৰাইৰে উষ্ম আদৰণি জনাই আৰু ৰাইজে ভাৰত মাতা কী জয়,বন্দে মাতৰম্ ধ্বনিৰে বীৰ জোৱান জনক শোভাযাত্ৰাৰে গৃহ লৈ যায়।
নিজ গৃহ ত উপস্থিত হোবাৰ পাচত এখন সভা অনুষ্ঠিত হোবাৰ লগতে কেক কাটি আনন্দ উল্লাহ কৰে।