বৰ্ষ ১৯৭৮চনৰ ১২মাৰ্চত স্থাপিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৪৮সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ন পুৰণি সতীৰ্থ সন্মিলন উল্লহ মালহেৰে পালনৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।

          অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ,নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু ৰহা আঞ্চলিক সমিতিৰ আতিথ্যত অহা ১২মাৰ্চত ৰহা ক্ৰীড়া সন্থা ভবনত অনুষ্ঠিত হব লগা ৪৮সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ন পুৰণি সতীৰ্থ সন্মিলন বাবে ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,নগাঁও জিলা সমিতিৰ সভাপতি প্ৰবাল শৰ্মা,সাধাৰন সম্পাদক হেমন্ত দাস আৰু ৰহা আঞ্চলিক সমিতিৰ সভাপতি ৰুবুল মুদৈ,সাধাৰন সম্পাদক গুনেন্দ্ৰ ডেকাই জানিব দিয়া অনুসৰি ১২ মাৰ্চত পুবা পতাকা উওোলন কৰিব জিলা সমিতি সভাপতি প্ৰবাল শৰ্মা,স্মৃতি তৰ্পন কৰিব সাধাৰন সম্পাদক হেমন্ত দাসে।সতীৰ্থ স্মৰণ কৰিব নগাঁও জিলা সমিতিৰ উপদেষ্টা হৰি প্ৰসাদ ৰাজখোৱাই আৰু বৃক্ষ ৰোপন কৰিব ক্ৰমে ৰহা সমজিলা আয়ুক্ত ড° অংকীতা বৰা,ৰহা সমজিলা আৰক্ষী অধীক্ষক সোনমণি শইকীয়া,ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহা আৰু ৰহা মীন মহাবিদ্যালয় ৰ ডীন ড° প্ৰদীপ চন্দ্ৰ ভূঞাই।

     অ :জা:যু:ছা:প:নগাঁও জিলা সমিতিৰ ৰক্ত ভড়াঁল উদ্বোধন কৰিব নগাঁও যুটিয়া স্বাস্থ্য সঞ্চালক (ভাৰপ্ৰাপ্ত)ড° পঞ্চম বৰা।

   তাৰ পাছত উলিওৱা হব বাৰেৰহণীয়া সাংস্কৃতিক শুভাযাত্ৰা।

    সাংস্কৃতিক শুভাযাত্ৰাৰ উদ্বোধন কৰিব নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু শুভাযাত্ৰাত উপস্থিত থাকিব বিশিষ্ট অভিনেতা যতীন বৰা,বিশিষ্ট কন্ঠশিল্পী কৃষ্ণমণি নাথ। সাংস্কৃতিক শুভাযাত্ৰাৰ পাছত দুপৰীয়া ১.৩০ বজাৰ পৰা অনুষ্ঠিত হব লগা ন পুৰণি সতীৰ্থ সন্মিলন।

     নগাঁও জিলা সমিতি সভাপতি প্ৰবাল শৰ্মা ৰ সঞ্চালনাত অনুষ্ঠিত হব লগা ন পুৰণি সতীৰ্থ সন্মিলন ৰ উদ্বোধন কৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,নগাঁও জিলা সমিতিৰ উপদেষ্টা প্ৰদীপ শইকীয়াই।

   সন্মিলনত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব অ:জা:যু:ছা:প ৰ সহকাৰী সাধাৰন সম্পাদক প্ৰাগজ্যোতিষ বনিয়া,প্ৰাক্তন সাধাৰন সম্পাদক কনক হাজৰিকা. সাংগঠনিক সম্পাদক দীপমণি বৰা,শিক্ষা সম্পাদক গীতাৰ্থ শইকীয়া আৰু কাৰ্যনিৰ্বাহক সদস্য দেৱাশীষ দাস।

   সন্ধ্যা ৫বজাত নগাঁও জিলা সমিতিৰ যুটীয়া সম্পাদক নীলোৎপল হাজৰীকাৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰা হব।