ধেমাজিৰ চিচিবৰগাওঁত গাই নৈত মাছ মাৰিবলৈ গৈ গেলুৱাচুকৰ তপন শ ইকীয়া(৪০) সলিল সমাধি,অঞ্চলজুৰি শোকৰ ছাঁ

দেওবাৰে গাইনদীত মাছ ধৰিবিলৈ গৈ চিচিবৰগাঁৱৰ এজন যুৱকৰ সলিল সমাধি ঘটা ঘটনাই সমগ্ৰ চিচিবৰগাঁও অঞ্চলতে শোকৰ ছাঁ পেলাইছে । জানিব পৰা অনুসৰি চিচিবৰগাঁৱৰ সমীপৰ গেলুৱাচুকৰ বুলেশ্বৰ শইকীয়াৰ ৩৯ বছৰীয়া পুত্ৰ তপন শইকীয়াই দুজন লগৰীয়া লগত কালি পুৱতি নিশা তিনি বজাত গাইনদীত মাছ মাৰিবলৈ যায় । আমগুৰি পঞ্চায়তৰ অতি ভিতৰুৱা আৰু দুৰ্গম লেছাম চেঙামাৰিত মাছ মাৰি থকা অৱস্থাতে নদীত পৰি যায় লোকজন । লগৰীয়া কেইজনে বচাবলৈ আপ্ৰাণ চেষ্টা কৰিও ব্যৰ্থ হয় অৱশেষত দুপৰীয়া মৃত অৱস্থাত উদ্ধাৰ কৰে তপনক । লগৰ কেইজনে ঘৰলৈ খবৰ দিয়াত গাঁৱৰ ৰাইজে সন্ধিয়া আনি ঘৰ পোৱাইহি তপনৰ মৃতদেহ আৰু নিশা ১০ বজাত অন্ত্যেষ্টিক্ৰিয়াৰ বাবে নিয়ে । অতি দৰিদ্ৰ পৰিয়ালৰ অমায়িক যুৱকজনৰ আকস্মিক মৃত্যুত সমগ্ৰ চিচিবৰগাঁও অঞ্চলতে শোকৰ ছাঁ পৰিছে ।

চিলাপথাৰ/ ১৯ ছেপ্টেম্বৰ