শিৱসাগৰত স্বাস্থ্য সমিতিৰ জিলা ভিত্তিক এখল পৰ্যালোচনা সভা সম্পন্ন হয়৷শিৱসাগৰ জিলা আয়ুক্ত ভৱনৰ চুকাফা সভাকক্ষত জিলা আয়ুক্ত মৃদুল যাদৱৰ সভাপতিত্বত ২৫ ফেব্ৰুৱাৰীত শিৱসাগৰ জিলা স্বাস্থ্য সমিতিৰ জিলা ভিত্তিক পৰ্যালোচনা সভা এখন অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত মহোদয়া মীনাক্ষী পাৰ্মেয়ে সভাত উপস্থিত থকা সকলোকে সম্ভাষণ জনায় ৷ আনহাতে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডা: মাখন কলিতাই সভাৰ মুল উদ্দ্যেশ্য ব্যাখ্যা কৰে । জিলা স্বাস্থ্য সমিতিৰ পৰ্যালোচনা সভাখনত স্বাস্থ্য বিভাগৰ প্ৰতিটো সুচাঙ্কৰ লগতে জিলাৰ মাতৃ আৰু শিশু মৃত্যুৰ মুখ্য কাৰণ পৰ্যালোচনা কৰি কেইবাটাও অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জিলা গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনে জানিবলৈ দিছে৷ এই পৰ্যালোচনা সভাত সহকাৰী আয়ুক্ত তথা স্বাস্থ্য বিভাগৰ শাখা বিষয়া,পৰীস্মিতা দিহিঙ্গীয়া, শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ প্ৰতিটো আমব্ৰেলা প্ৰগ্ৰেমৰ ন'ডেল বিষয়া, প্ৰসূতি আৰু শিশু মৃত্যু পৰ্য্যালোচনাৰ ন'ডেল বিষয়া, ডিমৌ আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক, শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক, আটাইকেইটা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়াৰ লগতে ডি পি এম ইউ আৰু বি পি এম ইউৰ সদস্যসকল উপস্থিত থাকে।