বৰ্ষ ১৯৯৮ ত স্থাপিত ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ২৯তম্ প্ৰতিষ্ঠা দিৱস আজি পালন কৰা হয়।

        ২৮বৰ্ষ সম্পূৰ্ণ কৰি ২৯তম্ বৰ্ষত পদাৰ্পন কৰা ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ২৯তম্ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুবা নিকেতন পৰিচালনা সমিতিৰ সদস্যা তথা ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষা বিজয়া গগৈ  আৰু সম্পাদক সোমেশ্বৰ বৰদলৈ দ্বাৰা পতাকা উওোলন আৰু উষা মেধি দ্বাৰা বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোবা প্ৰতিষ্ঠা দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা শাৰীৰিক পদৰ্শন কৰাৰ লগত পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক ড°দীনেশ হাজৰিকা দ্বাৰা মা সৰস্বতী ৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু ছাত্ৰ ছাত্ৰী, আচাৰ্য আচাৰ্য্যা সকলৰ দ্বাৰা সৰস্বতী বন্দনা ,নিকেতন গীত আৰু বন্তি প্ৰজ্বলন বন্দনা পৰিবেশনেৰে আৰম্ভ হোবা মুকলি সভাত ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষা ড° নিৰলা দেৱী সহ উপস্থিত বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা সম্বোধন কৰাৰ লগতে নিকেতন প্ৰধান আচাৰ্য প্ৰফুল্ল চন্দ্ৰ দাসে নিকেতনৰ ২৯বছৰীয়া গৌৰৱপূৰ্ন যাত্ৰা ৰ বিষয়ে বক্তব্য প্ৰদান কৰাৰ লগতে নিকেতন প্ৰতিষ্ঠা কালৰ পৰা আজিলৈকে অবদান আগবঢ়োৱা বিশিষ্ট ব্যক্তি সকলক স্মৰণ কৰি নিকেতনত এখন সভা গৃহ ৰ প্ৰয়োজনীয়তা আৰু সভা গৃহ ৰ নাম ৰহাৰ সু সন্তান তথা ৰাজ্যৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় ভাৰতৰত্ন গোপীনাথ বৰদলৈ ৰ নামত উচৰ্গা কৰাৰ কথা অবগত কৰে আৰু চৰকাৰলৈ আবেদন কৰা হৈছে বুলি জানিব দিয়ে।লগতে প্ৰতিষ্ঠা দিৱস উপলক্ষে বৰ্ষ ২০২৪-২৫ আৰু ২০২৫-২৬ত কাৰাটে প্ৰতিযোগিতাত সোনৰ পদকলৈ গৌৰৱ কঢিয়াই অনা ছাত্ৰ এলবিয়ান বৰদলৈ আৰু যোগাসনত চিল্ভাৰ পদক লৈ গৌৰৱ কঢ়িয়াই অনা পৰিনীতা বৰালৈ শুভেচ্ছা জনাই উজ্বল ভবিষ্যতৰ কামনা কৰে আৰু মুকলি সভাত নিকেতনৰ প্ৰাক্তন প্ৰধান আচাৰ্য্য প্ৰয়াত চন্দ্ৰ দাস,নিকেতন পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি প্ৰয়াত ৰমনী কুমাৰ ভূঞা আৰু নগাঁও জিলা আৰ এচ এচ ৰ প্ৰচাৰক পৰাগ ভূঞা ৰ বিদেহী আত্মা চিৰ শান্তি ৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰি নিকেতনৰ বাবে আগবঢ়োৱা অবদানক স্মৰণ কৰে।

   দুপৰীয়া ১বজাত সমাপন হোবা প্ৰতিষ্ঠা দিৱস মুকলি সভাত নিকেতন ৰ উপ প্ৰধান আচাৰ্য্য অনামিকা দাস মেধি,পৰিচালনা সমিতিৰ সদস্য নাৰায়ণ বনিক সহ নিকেতনৰ আচাৰ্য আচাৰ্য্যা,ছাত্ৰ ছাত্ৰী আৰু পৰিচালনা সমিতিৰ প্ৰতিনিধি উপস্থিত থাকে।