ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ স্থিত সুধাকন্ঠ ড° ভূপেন হাজৰিকা সাংস্কৃতিক মঞ্চ ত দেওবাৰে বিয়লী ৩বজাত পতঞ্জলি ৰাজ্যিক প্ৰভাৰী কুম্ভকাৰে বন্তি প্ৰজ্বলন কৰাৰ লগতে ৰাজ্যিক প্ৰভাৰী বিদ্যাধৰ কুম্ভকাৰৰ সভাপতিত্বত,ৰহা পতঞ্জলি তহচিল সমিতি ভাৰত স্বাভীমান ট্ৰাষ্ট প্ৰভাৰী কমল চন্দ্ৰ শৰ্মাৰ উদ্দেশ্য ব্যাখ্যা ৰে অনুষ্ঠিত হোবা সাধাৰন সভাত ৰহা তহচিল পতঞ্জলি সমিতি ৰ মুখ্য পৰিচালক,ভাৰত স্বাভীমান ট্ৰাষ্ট ৰ সহ প্ৰভাৰী সুনিল হাজৰিকা সহ উপস্থিত কেইবাজনো ব্যক্তিয়ে বক্তব্য আগবঢ়োৱা ৰ লগতে ৰহা তহচিল পতঞ্জলি ৰ পুৰনা সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰাৰ লগতে নগাঁও জিলা পতঞ্জলি ভাৰত স্বাভীমান ট্ৰাষ্ট ৰ নতুন সমিতি গঠন কৰা হয়।
সৰ্বসম্মতিত ওমপ্ৰকাশ জাজদিয়াক মুখ্য সংৰক্ষক,দিলীপ গোস্বামী ক মুখ্য উপদেষ্টা, ৰাম নিবাস শৰ্মা,বিশ্বকান্ত নাথক উপদেষ্টা, সুনিল হাজৰিকা ক ভাৰত স্বাভীমান ট্ৰাষ্ট ৰ প্ৰভাৰী,দিলীপ কুমাৰ দাস, অৰুপ কুমাৰ বৈশ্য ক সহ প্ৰভাৰী,কমল চন্দ্ৰ শৰ্মাক সাধাৰন সম্পাদক, সুৰেন্দ্ৰ কুমাৰ নাথক সাংগঠনিক সম্পাদক, ত্ৰৈলোক্য মোহন নাথক কোষাধক্ষ্য, গৌতম দেৱনাথক জিলা পতঞ্জলি যোগ সমিতি ৰ প্ৰভাৰী.প্ৰনৱ কাকতি,ৰুপজ্যোতি নাথ,বাবুল দাসক সহ প্ৰভাৰী,বিনোৱা ৰাজবংশীক জিলা কাৰ্য্যালয় প্ৰভাৰী,হেমন্ত বিকাশ ডেকাক সহ কাৰ্য্যালয় প্ৰভাৰী,সঞ্জয় কুমাৰ কাকতি ক জিলা যুৱ প্ৰভাৰী,দিগন্ত কুমাৰ ভূঞাক জিলা কিষান প্ৰভাৰী,অজিত কুমাৰ বৰাক জিলা আইন চেলৰ প্ৰভাৰী,চয়েল কুমাৰ খেতানক জিলা সংবাদ প্ৰভাৰী,অসীম হাজৰিকাক জিলা যোগ বিচতাৰক আৰু নিৰঞ্জন নাথ,ৰবিন নাথ,বিমান দাস,মনোৰঞ্জন নাথ আৰু পোনাৰাম নাথ ক সদস্য হিচাপে লৈ নগাঁও জিলা পতঞ্জলি ভাৰত স্বাভীমান ট্ৰাষ্ট নতুন শক্তিশালী সমিতি গঠন কৰে।
লগতে ৰাম নিবাস শৰ্মা ক মুখ্য পৰিচালক, কমল চন্দ্ৰ শৰ্মাক ভাৰত স্বাভীমান ট্ৰাষ্ট প্ৰভাৰী,সুনিল হাজৰিকা ক সহ প্ৰভাৰী,বিনোৱা ৰাজবংশী ক সম্পাদক ৰুপে লৈ ৰহা তহচিল পতঞ্জলি সমিতি গঠন কৰা হয়।
ওম শান্তি পাঠেৰে সমাপন হোবা সভাত ৰহা তহচিল পতঞ্জলি সমিতি, নগাঁও জিলা পতঞ্জলি ভাৰত স্বাভীমান ট্ৰাষ্ট সহ নগাঁও,মৰিগাঁও জিলা পতঞ্জলি সমিতিৰ পৰা অহা প্ৰতিনিধি,সদস্য সদস্যা উপস্থিত থাকে।লগতে আজি পূবা ৰহা পতঞ্জলি যোগ শিবিৰ ৰাজ্যিক প্ৰভাৰী বিদ্যাধৰ কুম্ভকাৰৰ পৰিচালনাত অনুষ্ঠিত হৈ আৰু সকলোৱে যোগ প্ৰনায়াম কৰে।