আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰ পূন্য তিথি(শিল্পী দিৱস)সমস্ত ৰাজ্যৰ লগতে ৰহাতো সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ক স্মৰণ কৰাৰ সমান্তৰালকৈ ৰহা দূৰ্গা মন্দিৰ স্থিত সাংস্কৃতিক, সামাজিক অনুষ্ঠান সুবাসৰ উদ্যোগত বিয়লী ৪বজাত সুবাসৰ বাকৰিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰ প্ৰতিচ্ছবি ৰ সন্মুখত সুবাসৰ উপদেষ্টা বিশ্বজিত ভূঞাই বন্তি প্ৰজ্বলন কৰাৰ লগতে উপস্থিত সকলোৱে সুন্দৰৰ পূজাৰীক শ্ৰদ্ধাৰে স্মৰণ কৰে আৰু সুবাসৰ উদ্যোগত শিল্পী দিৱস ত খোল বাদন প্ৰশিক্ষণ কেন্দ্ৰৰ মুকলি কৰা হয়।

      সুবাসৰ প্ৰতিষ্ঠাপক নিৰুপম কলিতাই আঁত ধৰা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি অনুষ্ঠানত সমাজকৰ্মী শৰৎ হাজৰিকাই কেন্দ্ৰলৈ এখন খোল আৰু তাল উপহাৰ ৰুপে আগবঢ়াই।

   প্ৰতিষ্ঠাপক নিৰুপম কলিতাই জানিব দিয়ে যে শংকৰী সংগীত পৰিষদৰ চিলেভাচৰ অধিনত ৬বছৰীয়া কোৰ্চৰ বাবে হব লগা প্ৰশিক্ষণত সুভজিত শইকীয়াই প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে প্ৰত্যেক সপ্তাহৰ শুক্ৰবাৰে অনুষ্ঠিত হব লগা প্ৰশিক্ষণ কেন্দ্ৰ ত খোল বাদন ৰ অধিনত সত্ৰীয়া নৃত্য, বৰগীত,অংকীয়া ভাওনাৰো প্ৰশিক্ষণ দিয়া হব।

   মুকলি অনুষ্ঠানত সাংবাদিক চয়েল খেতান সহ সুবাসৰ সদস্য, সদস্যা,অবিভাবিকা  উপস্থিত থাকে।