ৰহা দীঘলিআটি স্থিত ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় এ জে পাব্লিক স্কুলত আজিৰ তিনি দিনীয়া বাৰ্ষিক ক্ৰীড়া সমাৰোহ শুভাৰম্ভ হয়।
এই উপলক্ষে পূবা এ জে পাব্লিক স্কুল খেল পথাৰত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিশ্বজিত ভূঞা ৰ দ্বাৰা পতাকা উওোলন আৰু ৰহা মীন মহাবিদ্যালয় ৰ প্ৰাক্তন ডীন ড° কৃষ্ণ কান্ত তামুলীৰ দ্বাৰা প্ৰানৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অৰ্পন কৰি শুভাৰম্ভ কৰাৰ লগতে স্কুলৰ সহ শিক্ষয়ত্ৰী ফেমিনা মোমিনে আঁত ধৰা ক্ৰীড়া সমাৰোহ শুভাৰম্ভ অনুষ্ঠানত ৰহা সমজিলা আৰক্ষী অধীক্ষক. সোনমনি শইকীয়াই তিনি দিনীয়া বাৰ্ষিক ক্ৰীড়া সমাৰোহ উদ্বোধন কৰি কয় যে শিক্ষা ৰ লগতে শিশু সকল শাৰীৰিক,মানসিক ভাবে সুস্থ, সবল থাকিবলৈ খেল ৰ বহু প্ৰয়োজন লগতে অধিক্ষক শইকীয়াই শিশু সকলক মোবাইল ৰ পৰা দুৰ ৰাখিবলৈ অবিভাবক অবিভাবিকা সকলক আহ্বান জনাই।
অনুষ্ঠানত ৰহা মীন মহাবিদ্যালয় ৰ প্ৰাক্তন ডীন ড° কে কে তামুলী, এ জে পাব্লিক স্কুল পৰিচালনা সমিতিৰ মুখ্য উপদেষ্টা উমেশ চন্দ্ৰ দাস, সভাপতি বিশ্বজিত ভূঞা,ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষা দ্বিপ্তী দেৱী শৰ্মা,ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতিয়ে কন কন শিশু সকলক সম্বোধন কৰি উৎসাহ বৰ্দ্ধন কৰে।এ জে পাব্লিক স্কুলৰ প্ৰধান শিক্ষক প্ৰাঞ্জিত বৰাই জানিব দিয়ে যে অহা ১০ জানুৱাৰীত তিনি দিনীয়া বাৰ্ষিক ক্ৰীড়া সমাৰোহ ৰ সমাপন হোবা ৰ লগতে প্ৰাক ভোগালী বিহু আৰু বানিজ্য মেলা অনুষ্ঠিত হব।
এই উপলক্ষে ৰহা মহাবিদ্যালয় ৰ অধ্যাপক পৰাগ কুমাৰ দাস, এ জে পাব্লিক স্কুলৰ চেয়াৰমেন জহীৰুল ইছলাম,বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য মহম্মদ আলী হুছেইন, বিদ্যালয় ৰ প্ৰধান শিক্ষক প্ৰাঞ্জিত বৰা সহ শিক্ষক শিক্ষয়ত্ৰী, অবিভাবক,অবিভাবিকা,ছাত্ৰ,ছাত্ৰী আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।