স্বনিৰ্ভৰ নাৰীৰ আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ মাজুলীৰ শিপিনী সকলক আহ্বান জিলা উপায়ুক্তৰ" 

 অসমৰ শিপিনী সকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে " স্বনিৰ্ভৰ নাৰী" শীৰ্ষক এখন ধবজাবাহী আঁচনি ঘোষণা কৰিছে। এই আচঁনিৰ অধীনত শিপিনী সকলে তেওঁলোকৰ দ্বাৰা উৎপাদিত বস্ত্ৰ যেনে গামোচা, আৰনাই , কাৰ্বি পহ, ৰাভা পাজাব , মণিপুৰী খুদেই, ডিমাচা ৰিচা বাচা, মিচিং ডুমেৰ, মাৰফলাৰ (এৰকক) আদি পৰ্টেলৰ জৰিয়তে পোনপটীয়াভাৱে বিক্ৰী কৰিব পাৰিব। ইয়াৰ কাৰণে প্ৰত্যেক গৰাকী শিপিনীয়ে swanirbharnari.assam.gov.in অনলাইন পৰ্টেলৰ জৰিয়তে নাম পঞ্জীয়ন কৰিব লাগিব।

 । এই পঞ্জীয়নৰ ব্যৱস্থা ১৯ জুলাই ২০২২ ৰ পৰা ০৩ ছেপ্টেম্বৰ ২০২২ লৈ খোলা থাকিব। বিভাগীয় বিষয়াৰ ক্ষেত্ৰ ভিত্তিক অনুসন্ধান সাপেক্ষেহে এই পঞ্জীয়ন গৃহীত কৰা হ'ব। আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে নিজাকৈ এখন তাঁতশাল থাকিব লাগিব। ইয়াৰ উপৰিও শিপিনী সকলৰ আধাৰ কাৰ্ড আৰু বেংক পাছবুক থাকিব লাগিব। এই আচঁনিৰ বিষয়ে বিতংকৈ জানিবলৈ swanirbharnari.assam.gov.in ত চাব পাৰিব।

সহায়ৰ বাবে যোগাযোগ কৰিব পাৰে ।

শ্ৰী সন্তোষ বৰুৱা (পৰিদৰ্শক) - ৭০০২০৪৪৫৮৪, শ্ৰী দ্বিজেন বৰা - ৬০০১১৭৩৫০৫, উৎপল বৰা - ৬৯০০৬০১০৪৯, শ্ৰীমতী মনিমালা পায়েং - ৯৩৬৫০৪৩০৮৭