ৰাজ্যৰ চাহ বাগিচাৰ জনসাধৰণৰ সু-স্বাস্থ্যৰ হকে সুলভ আৰু গুণগত মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদানৰ লক্ষ্যৰে এক সাৰ্ব্বজনীন স্বাস্থ্য পৰীক্ষা ব্যৱস্থাৰ বাবে অসমৰ স্বাস্থ্য বিভাগৰ এক অভিলাষী আঁচনি হ'ল "স্বাস্থ্যবান শ্ৰমিক যোজনা"। যোৱা ৩ জানুৱাৰীত শিৱসাগৰ জিলাৰ আঠাবাৰী চাহ বাগিচাত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ শুভাৰম্ভণি। অনুষ্ঠানটি শুভ উদ্বোধন কৰে অসম চৰকাৰৰ অসম চাহ নিগমৰ অধ্যক্ষ শিৱ প্ৰসাদ বদ্ৰায়ে।স্বাস্থ্যৱান শ্ৰমিক যোজনাৰ জিলা ভিত্তিক শুভাৰম্ভণি কৰি চাহ শ্ৰমিকৰ সু-স্বাস্থ্য সু-নিশ্চিতকৰণৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পৰ্কে যথেষ্ঠ গম্ভীৰ আলোচনা কৰে। চাহ-বাগিচাৰ জনসাধাৰণৰ সৰ্বাংগীন সু-স্বাস্থ্য নিশ্চিত কৰিবৰ বাবে আৰম্ভ কৰা এই স্বাস্থ্যৱান শ্ৰমিক যোজনাৰ উক্ত উদ্বোধনী অনুষ্ঠানত ডিমৌ সম-জিলা আয়ুক্ত মীনাক্ষী পাৰ্মে, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতা, শিৱসাগৰ জিলা সহকাৰী আয়ুক্ত পৰিস্মিতা দিহিঙ্গীয়া, ডিমৌ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ বিজিৎ বৰা, আঠাবাৰী বাগিচাৰ সহ-পৰিচালক আশীষ চতুৰবেদী, চিকিৎসক ডাঃ যতীন দত্ত, জিলা সমাজ কল্যাণ বিষয়া উপমা শইকীয়া, নকুল চাউৰা, সকলো বিষয়া-কৰ্মচাৰী, দুটা ভ্ৰাম্যমাণ স্বাস্থ্যসেৱা গোট (MMU- 049,MMU -118) আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান শিৱসাগৰৰ ডি পি এম ইউৰ সদস্য আৰু ডিমৌ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বি পি এম ইউৰ সদস্য আৰু বিভিন্ন বিষয়া- কৰ্মীসকলৰ লগতে আঠাবাৰী বাগিচা অধ্যুষিত অঞ্চলৰ লগতে দাতিকাষৰীয়া অঞ্চলৰ লোক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। উল্লেখ যে, চাহ বাগিছাখনৰ স্বাস্থ্যকৰ্মী দুলেশ্বৰ গোৱালা আৰু অসম চাহ মজদুৰ সংঘৰ সম্পাদক জিতেন বৰুৱাই অনুষ্ঠানটোৰ সম্পূৰ্ণ ব্যৱস্থাপনাৰ দায়িত্ব গ্ৰহণ কৰে।