নেৰিটি বাৰ্তা,২৮ ডিচেম্বৰ::অসম চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত কাৰিকৰী শিক্ষা প্রতিষ্ঠান Integrated Technical Institute (ITI),Outala ৰ নিজা চৌহদত আজি তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আড়ম্বৰপূর্ণ ভাবে পালন কৰা হয়। দৰং আৰু সমীপৱৰ্তী ওদালগুৰি জিলাৰ লগতে বৃহত্তৰ অঞ্চলটিত কাৰিকৰী অথবা বৃত্তিমুখী শিক্ষাৰ বাটকটীয়া হিচাপে আগ্রহী প্ৰশিক্ষাৰ্থী সকলক সামৰি নিজ লক্ষ্য পথেৰে যাত্ৰা অব্যাহত ৰখা প্ৰতিষ্ঠান খনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা মাংগলিক কাৰ্যসূচীত ধৰ্মগ্ৰন্থ পাঠ কৰে ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি গিৰীশ ডেকাই । প্ৰয়াত কিংবদন্তী কণ্ঠশিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলী অৰ্পণ ৰ পিছতে প্ৰতিষ্ঠানৰ অধ্যক্ষ সৌৰভ নাথে পতাকা উত্তোলন, যুটীয়াভাৱে ঔতলা গাওঁ পঞ্চায়তৰ বেঙ্গাবড়া গাওঁৰ সদস্য দুৰ্গা ডেকা,অৱসৰ প্ৰাপ্ত প্রধান শিক্ষক ধৰ্ম কান্ত বৰুৱা, প্ৰতিষ্ঠানখনৰ ফিটাৰ ট্ৰেডৰ প্ৰশিক্ষক সমৰ ডেকাই বন্তিপ্ৰজ্জ্বলন কাৰ্য্যসূচী ৰূপায়ণ কৰে। পৰৱৰ্তী সময়ত ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি জয়ন্ত কুমাৰ শৰ্মাৰ সঞ্চালনত অনুষ্ঠিত সভাত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে টেঙাবাৰী গাওঁ পঞ্চায়তৰ সভানেত্রী ভাৰতী বৰুৱা দত্ত,পশ্চিম মঙলদৈ আঞ্চলিক পঞ্চায়ত সদস্য অমৰেন্দ্ৰ ডেকা, পৰীক্ষিত নাৰায়ণ উচ্চ ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ধৰ্ম কান্ত বৰুৱা, ঔতলা স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি খিতেশ্বৰ ডেকা, জ্ঞানম একাডেমী, ঔতলাৰ অধ্যক্ষ ধনী ডেকা, অৱসৰপ্ৰাপ্ত কৃষি পৰিদৰ্শক নিৰ্মল চন্দ্র নাথ। ইয়াৰোপৰি উপস্থিত থাকে ঔতলা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভানেত্রী কামিনী কাকতি শইকীয়া, অসমীয়া প্ৰতিদিন কাকতৰ কলাইগাওঁৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ প্ৰসাদ চহৰীয়া, অৱসৰ প্ৰাপ্ত শিক্ষক তপন শইকীয়া,আৰছেটি দৰংৰ জ্যেষ্ঠ প্ৰশিক্ষক কিশোৰ কুমাৰ শৰ্মা, দৈনন্দিন বাৰ্তা কাকতৰ কলাইগাওঁৰ সাংবাদিক শশাংক প্ৰতীম শাণ্ডিল্য, সমাজকৰ্মী নৱ হাজৰিকা, যোগেশ দত্ত, ঘটফুল হাজৰিকা প্ৰমুখ্যে অঞ্চলটিৰ কেবাগৰাকী প্ৰতিষ্ঠানখনৰ শুভাকাঙ্ক্ষী লোক। প্ৰতিষ্ঠানৰ সঞ্চালক বিশিষ্ট কণ্ঠশিল্পী হিৰকছান ডেকাই আই টি আই,ঔতলাৰ অগ্রগতি,প্ৰশিক্ষণমূলক সাফল্য,দক্ষতা বিকাশৰ সামগ্রিক লক্ষ্যৰ দিশ সামৰি এক আলোক পাত আগবঢ়োৱাৰ পিছতে আমন্ত্ৰিত অতিথি সকলে শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়। সঞ্চালকৰ বক্তব্য শিতানত জয়ন্ত কুমাৰ শৰ্মাই অঞ্চলটিৰ যুৱচামক কাৰিকৰী শিক্ষাৰে নিজৰ জীৱিকাৰ পথ সুগম কৰিবলৈ আহ্বান জনায়। যুৱচামৰ সপোন বাস্তবায়ন কৰিবলৈ কাৰিকৰী শিক্ষাই বহুতো নতুন সুযোগৰ পথ সুগম কৰিছে বুলি তেওঁ মত পোষণ কৰে। প্ৰাক্তন ও সদ্য বিদায়ী প্ৰশিক্ষাৰ্থী সকলক শুভেচ্ছাৰ বাহক ৰূপে একোখনকৈ ফুলাম গামোছাৰে প্ৰতিষ্ঠান কৰ্তৃপক্ষই মৰম যাছে । সভাৰ আৰম্ভণিতে প্ৰতিষ্ঠানৰ তৰফৰ পৰা অভ্যাগত সকলক আদৰণি জনোৱা হয়। উল্লেখ্য যে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত ইলেকট্রিচিয়ান ট্ৰেডত ৬০ খন; ফিটাৰত ২০ খন আৰু "কম্পিউটাৰ অপাৰেটৰ আৰু প্ৰগ্ৰেমিং সহায়ক(COPA)"ৰ ২০ খন আসনত অধ্যয়নৰ বাবে আধুনিক প্ৰশিক্ষণৰ আন্তঃগাঁথনি উপলব্ধ আছে। যথেষ্ট সংখ্যক প্ৰাক্তন আৰু শিক্ষাৰত প্ৰশিক্ষাৰ্থী, স্থানীয় লোক উপস্থিত থকা অনুষ্ঠানটি সাফল্য মণ্ডিত হোৱাত কৰ্তৃপক্ষই সন্তোষ প্ৰকাশ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Falcon Heavy: SpaceX ने लॉन्च किया दुनिया का सबसे शक्तिशाली रॉकेट 'Falcon Heavy', एलन मस्क ने ट्वीट किया फोटो
Falcon Heavy Rocket: एलन मस्क की कंपनी SpaceX ने सोमवार को दुनिया के सबसे शक्तिशाली सक्रिय...
खारुपेटिया के बालूगाँव बाजार का 8 रुपैया का भिंडी गुवाहाटी में 40 और 3 रुपैया का भोल 30 रुपया कैसे
खारुपेटिया के बालूगाँव बाजार का 8 रुपैया का भिंडी गुवाहाटी में 40 और 3 रुपैया का भोल 30 रुपया कैसे
Travel Stocks In 2024: पर्यटन में बड़े रिटर्न, Travel Industry और रोजगार के कैसे हैं मौके?
Travel Stocks In 2024: पर्यटन में बड़े रिटर्न, Travel Industry और रोजगार के कैसे हैं मौके?
સિહોર તાલુકાના હેલ્થ કચેરી ખાતે એસ.બી.સી.સી. કમીટીની બેઠક
સિહોર તાલુકા હેલ્થ કચેરી ખાતે એસ.બી.સી.સી. કમિટીની બેઠક મળી લોકોનું વલણ બદલવાં આરોગ્ય તંત્ર...
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks