শিৱসাগৰঃ শিৱসাগৰত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ আজি জিলা ভিত্তিক উদ্বোধন কৰা হয় ৷ শিৱসাগৰ জিলাৰ ডিমৌ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ প্ৰেক্ষাগৃহত ১১ ডিচেম্বৰ, অৰ্থাৎ আজি দিনৰ ১০-৩০ বজাত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ জিলা ভিত্তিক উদ্বোধন কৰে ডিমৌ সম-জিলা আয়ুক্ত মিনাক্ষী পাৰ্মেয়ে। জিলা গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন এ জানিবলৈ দিয়া অনুসৰি আজিৰ এই উদ্বোধনী সভাত ডিমৌ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মহকুমা স্বাস্থ্য বিষয়া ডাঃ বিজিত বৰা, ডিমৌ আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক ডাঃ ৰূপম বৰকাকতি, খণ্ড আঁচনি প্ৰৱন্ধক ৰিকি বৰা, ডিমৌ আদৰ্শ চিকিৎসালয়ৰ পৰামৰ্শদাতা দিগন্ত বৰুৱা, খণ্ড সামূহিক সংহতিকাৰক (Block Community Mobilizer) মৃণাল ৰাজবংশী, খণ্ড গাণনিক বিষয়া চন্দ্ৰজিত শইকীয়া, ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্য্যক্ৰমৰ খণ্ড সমন্বয়ক ৰুবী দিহিঙ্গীয়াকে ধৰি ডিমৌ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সকলো বিষয়া-কৰ্মচাৰী আৰু ১ ৰ পৰা ১৯ বছৰ বয়সীয়া কেইবাগৰাকীও শিশু আৰু কিশোৰ-কিশোৰী লগতে তেওঁলোকৰ মাতৃসকল উপস্থিত থাকে। ১ ৰ পৰা ১৯ বছৰলৈ জিলাখনৰ মুঠ ১ লাখ ২০ হাজাৰ ১২৭ গৰাকী শিশু আৰু কিশোৰ-কিশোৰীক টেবলেট খুওৱাৰ লগতে স্কুল, কলেজ, অংগনৱাড়ী কেন্দ্ৰ, প্ৰতিটো স্বাস্থ্য প্ৰতিষ্ঠান আৰু অনাথ আশ্ৰমৰ প্ৰতিটো শিশুক এলবেণ্ডাজল টেবলেট খুওৱা হ'ব। জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতাই জিলাৰ প্ৰতিগৰাকী শিশু, কিশোৰ-কিশোৰী তথা চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিখন বিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰীক এই পেলু নাশক দৰৱ সেৱন কৰিবলৈ আহ্বান জনায় যাতে, জিলাৰ প্ৰতিগৰাকী শিশু সুস্থ সৱল হৈ থাকিব পাৰে ৷ আনহাতে জিলা আয়ুক্ত আয়ুস গাৰ্গে ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ সফল ৰূপায়ণৰ বাবে জিলাবাসী ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনাইছে। উল্লেখ যে, যোৱা ০৯ ডিচেম্বৰৰ পুৱা ১১.৩০ বজাত জিলা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ কাৰ্য্যালয় কক্ষত ইতিমধ্যে ৰাষ্ট্ৰীয় পেলু নিৰ্মূকৰণ (National Deworming Day) দিৱসৰ জিলা ভিত্তিক convergence সভাখন অনুষ্ঠিত হৈ যায়। ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস সফলভাৱে আয়োজনৰ প্ৰস্তুতিৰ পৰ্য্যালোচনাৰ উদ্দেশ্যে জিলা-স্তৰৰ সমন্বয় বৈঠক(Convergence Meeting) অনুষ্ঠিত হয় ৷ বৈঠকত শিক্ষা বিভাগ, সমাজ কল্যাণ বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী (PHE) বিভাগৰ বিষয়াসহ স্বাস্থ্য বিভাগৰ বিভিন্ন সংশ্লিষ্ট দপ্তৰৰ বিষয়াসকল উপস্থিত থাকে। সভাত যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতাই বিদ্যালয় ভিত্তিক কৃমিনাশক টেবলেট বিতৰণ, সেৱনৰ নিয়ম, জনসচেতনতা বৃদ্ধিৰ কৌশল আদিৰ বিষয়ে বিস্তৃত আলোচনাৰে কেতবোৰ গুৰুত্ত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সভাত আন্তঃবিভাগীয় সমন্বয় শক্তিশালী কৰি জিলাৰ সকলো বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰত কৃমিনাশক কাৰ্য্যসূচী নিখুঁতভাৱে সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় নির্দেশনা আৰু দায়িত্ব বিতৰণৰ ব্যৱস্থা কৰা হয়। জিলাৰ সকলো শিশুৱে স্বাস্থ্যকৰ জীৱনধাৰা অৱলম্বন কৰি কৃমিৰ পৰা সুৰক্ষিত হোৱাটো নিশ্চিত কৰাৰ উদ্দেশ্যে বৈঠকখনে উল্লেখযোগ্য ভূমিকা পালন কৰে। আজিৰ সভাত স্কুল হেল্থৰ জিলা ন'ডেল বিষয়া ডাঃ সালমা চুলতানা, জিলা ৰোগ নিৰীক্ষক বিষয়া ডাঃ গায়ত্ৰী সেনাপতি, বিদ্যাল়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈ, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ কাৰ্য্যবাহী অভিযন্তা দীপাংকৰ বৰাকে ধৰি সমাজকল্যাণ বিভাগৰ বিষয়া উপমা শইকীয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান শিৱসাগৰৰ জিলা আঁচনি প্ৰৱন্ধক,ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্য্যক্ৰমৰ (RBSK) জিলা সমন্বয়ক, জিলা অ-সংক্ৰাম্যক ৰোগ কোষৰ (NCD) জিলা সমন্বয়ক আদি উপস্থিত আছিল।